ডিজিটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত গৰ্গ চেটাৰ্জী। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফা প্ৰতি অপমানসূচক মন্তব্য কৰা গৰ্গ চেটাৰ্জীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বহু বিতৰ্কিত বাঙালী বুদ্ধিজীৱি গৰ্গ চেটাৰ্জীক। তাৰ পিছতে কলকাতা আৰক্ষীয়ে চেটাৰ্জীক এখন স্থানীয় আদালতত হাজিৰ কৰায়। অৱশ্যে কলকাতাৰ নিম্ন আদালতখনে চেটাৰ্জীক চৰ্ত সাপেক্ষে জামিন মঞ্জুৰ কৰিছে। এই চৰ্ত অনুসৰি তেওঁক অহা ১৭ ছেপ্তেম্বৰত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত হাজিৰ হ’ব লাগিব।
উল্লেখ যোগ্য যে ২০২০ চনত জুন মাহত বহু বিতৰ্কিত বাঙালী বুদ্ধিজীৱিজনে ছশ বছৰ কাল অসম শাসন কৰা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফা প্ৰতি অপমানসূচক মন্তব্য প্ৰকাশ কৰিছিল। টুইটাৰযোগে তেওঁ চুকাফা চীনা আক্ৰমণকাৰী আখ্যা দিছিল। চেটাৰ্জীৰ এই টুইটটোৰ পাছতে সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। বিশেষকৈ আহোম জনগোষ্ঠীৰ দল-সংগঠনে এনে অপমান মন্তব্যৰ বাবে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ দাবী তোলে।