গুৱাহাটী, ৬জানুৱাৰীঃ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ তালিকাত জিলিকিল বিৰাট কোহলি আৰু ৰবীন্দ্ৰ জাডেজাৰ নাম। যোৱা বৰ্ষৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটা অৰ্থা९, আই চি চিৰ পুৰুষ ক্ৰিকেটাৰ ২০২৩ বঁটাৰ বাবে মনোনীত কৰা মুঠ চাৰিগৰাকী ক্ৰিকেটাৰৰ ভিতৰত দুগৰাকীয়েই হৈছে ভাৰতীয়। ছাৰ গাৰফিল্ড ছ’বাৰ্ছ ট্ৰফীৰ বাবে মনোনীত কৰা উক্ত ভাৰতীয় ক্ৰিকেটাৰ দুগৰাকী ক্ৰমে বিৰাট কোহলি আৰু ৰবীন্দ্ৰ জাডেজা। আনহাতে এই বঁটাৰ বাবে মনোনীত হোৱা আন দুগৰাকী ক্ৰিকেটাৰ হৈছে বিশ্বকাপজয়ী অধিনায়ক পেট কামিন্স আৰু ট্ৰেভিছ হেড।
উল্লেখযোগ্য যে, আই চি চি বিশ্বকাপ ২০২৩ত কিং কোহলিয়ে ভাৰতীয় ক্ৰিকেট জগতৰ ভগৱান শচীন তেণ্ডুলকাৰ অভিলেখ ভংগ কৰি এদিনীয়া ক্ৰিকেটত ৫০ সংখ্যক শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।আনহাতে, যোৱা বছৰটোত আটাইকেইটা সংস্কৰণ মিলি জাডেজাই মুঠ ৬৬টা উইকেট দখল কৰাৰ লগতে ৬১৩ ৰান সংগ্ৰহ কৰিছিল।২০২৩ বৰ্ষত ক্ৰিকেটত কোহলি আৰু জাডেজাই আগবঢ়োৱা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে ক্ৰিকেটাৰ দুয়োগৰাকীক ছাৰ গাৰফিল্ড ছ’বাৰ্ছ ট্ৰফীৰ বাবে মনোনীত কৰা হৈছে।