খালিস্তানী উগ্ৰপন্থীৰ ভাবুকি আহিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদানৰ পিছতে আৰক্ষী সঞ্চালক জি পি সিঙে সংবাদমেল সম্বোধন কৰে। আৰক্ষী সঞ্চালক গৰাকীয়ে উল্লেখ কৰে যে, মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছে ‘শিখছ ফৰ জাষ্টিছ’ ৰ মুৰব্বী গুৰপটৱন্ত সিং পান্নুনে। এই দিশত অসম আৰক্ষী তৰফৰ পৰা গোচৰ ৰুজু কৰা হৈছে আৰু কেন্দ্ৰীয় সংস্থাক এই অডিঅ’ ক্লিপ প্ৰদান কৰা হৈছে যাতে এই দিশত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।
উল্লেখযোগ্য যে, এই সংগঠনটোক ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিল আৰু গুৰপটৱন্ত সিং পান্নুনক সন্ত্ৰাসবাদী বুলিও ঘোষণা কৰে। গুৰপটৱন্ত সিং পান্নুনৰ ঘৰ পঞ্জাৱৰ অমৃতচৰত। এই সংগঠনটো আমেৰিকাৰ নিউয়ৰ্কস্থিত সংগঠন আৰু পান্নুন পেচাত এগৰাকী উকীল। তেওঁৰ বিৰুদ্ধে ভাৰত চৰকাৰে ইতিমধ্যে লুক আউট নটিচ জাৰি কৰি থৈছে।