প্ৰধানমন্ত্ৰীক দেশৰ বাবে বিপদজনক বুলি মন্তব্য কেজৰিৱালৰ

Share

দেওবাৰে অসমত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং  মান।গুৱাহাটীৰ সোণাৰম খেলপথাৰৰ বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী দুইগৰাকীয়ে।সভাত অংশগ্ৰহণ কৰি কেজৰিৱালে প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত হাঁহি কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী শিক্ষিত হব লাগে।বৰ্তমানৰ যুৱ সমাজে বিজ্ঞান-প্ৰযুক্তিক বিশ্বাস ৰাখে,সংস্থাপন বিচাৰে,ভাৰতৰ উন্নয়ন বিচাৰে,যাৰ বাবে শিক্ষিত লোকৰ প্ৰয়োজন।কম পঢ়া আৰু অশিক্ষিত লোকে ভাৰতৰ উন্নতি কৰিব নোৱাৰে বুলি কয় অৰবিন্দ কেজৰিৱালে।

কেজৰিৱালে কয় যে দেশৰ কোনো লোক অশিক্ষিত হোৱাতো ডাঙৰ কথা নহয়,কিন্তু প্ৰধানমন্ত্ৰী শিক্ষিত হোৱাটো প্ৰয়োজন।প্ৰধানমন্ত্ৰী শিক্ষিত নহ’লে দেশৰ বাবে বিপদজনক।প্ৰধানমন্ত্ৰী গৰাকী শিক্ষিত হোৱা হ’লে আনৰ কথা শুনি দেশত বিমুদ্ৰাকৰণ নকৰিলেহেতেন বুলি অৰবিন্দ কেজৰিৱালে মন্তব্য কৰে।

কৃষি আইন সন্দৰ্ভতো তেওঁ কয় যে দেশত প্ৰধানমন্ত্ৰীয়ে কৃষি আইন আনিছিল,যাৰ বাবে হাজাৰ হাজাৰ কৃষকে প্ৰাণ হেৰুৱাইছিল লগতে কয় যে দেশৰ প্ৰধানমন্ত্ৰী শিক্ষিত হোৱা হলে এনে নহলহেতেন।সেয়েহে পৰৱৰ্তী সময়ত শিক্ষিত লোকক ভোট দিবলৈ আহ্বান দেশৰ ৰাইজক কেজৰিৱালৰ। 

Leave a Reply

Your email address will not be published. Required fields are marked *