২ এপ্ৰিলত অসমলৈ আহিব কেজৰিৱাল আৰু ভগৱন্ত

Share

অহা ২ এপ্ৰিলত অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান । অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিৰোধীৰ দুৰ্বল ভুমিকাৰ মাজতে আম আদমি পাৰ্টীয়ে এক শক্তিশালী ৰাজনৈতিক দল হিচাপে নিজক  প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত দলটোৰ আঞ্চলিক কাৰ্যালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক অসম ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।

দেওবাৰে আপৰ নেতৃবৃন্দই অনুষ্ঠিত কৰা এক সংবাদমেলত কেজৰিৱাল আৰু ভগৱন্ত মান অসমলৈ অহাৰ কথা ঘোষণা কৰে। বিজেপি চৰকাৰৰ জনবিৰোধী কাৰ্যকলাপ, দুৰ্নীতি, মুল্যবৃদ্ধি বিৰুদ্ধে অসমৰ জনতা ক্ষোভিত হৈ আছে যদিও তেওঁলোকে বিকল্প বিচাৰি পোৱা নাই। ৰাজ্যত ৩১ খন জিলাত আপৰ সমিতি আছে  সেয়েহে, আম আদমি পাৰ্টীয়ে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত শক্তিশালী বিৰোধী ভুমিকা পালন কৰিবলৈ আগবাঢ়ি আহিছে বুলি এই সংবাদমেলত উল্লেখ কৰে। 

অসমৰ যিসকল লোকে শিক্ষা খণ্ডৰ পৰিৱৰ্তনৰ জৰিয়তে ভৱিষ্যৎ প্ৰজন্মৰ উন্নয়ন বিচাৰে, সামগ্ৰিকভাৱে আম আদমি পাৰ্টীক সমৰ্থন কৰিবলৈ আৰু বিশেষভাৱে অহা ২ এপ্ৰিলত অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানৰ কাৰ্যসূচীত সহযোগিতা কৰিবলৈ  আপে অসমবাসীক আহ্বান জনায়।   

Leave a Reply

Your email address will not be published. Required fields are marked *