উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণৰ বাবে বন্ধ কেদাৰনাথ যাত্ৰা

Share

উত্তৰাখণ্ড ৰাজ্যত ধাৰাবাহিক ধাৰাসাৰ বৰষুণৰ বাবে কেদাৰনাথ  ধামৰ যাত্ৰা বন্ধ কৰা হৈছে। ভক্তসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে নিষিদ্ধ কৰিছে কেদাৰনাথ  ধামৰ যাত্ৰা। কেদাৰনাথলৈ যোৱা তীৰ্থযাত্ৰীসকলক  উত্তৰাখণ্ডৰ সোনপ্ৰয়াগ আৰু গৌৰীকুণ্ডত  ভক্তসকলৰ সুৰক্ষাৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছে।

ধাৰাসাৰ বৰষুণৰ মাজত ধ্বংসাৱেশৰ বাবে প্ৰায় চাৰিটা ৰাজ্যিক পথ আৰু ১০ টা সংযোগী পথ অচল হৈ পৰিছে। অত্যাধিক বৰষুণৰ ফলত ভুমিস্খলন আৰু বানপানী দৰে পৰিস্থিতিৰ সন্মুখীন হৈছে উত্তৰাখণ্ডৰ স্থানীয় লোক তথা পৰ্যটক। ইতিমধ্যে উত্তৰখণ্ডৰ গাংনানিৰ ওচৰৰ গঙ্গোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত ধ্বংসাৱশেষত পৰি যোৱাৰ ফলত প্ৰায় চাৰিজনকৈ লোক  মৃত্যুৰ মুখত পৰে।

উল্লেখ্য যে, ইতিমধ্যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সোমবাৰে উত্তৰাখণ্ডত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। লগতে IMD য়ে টুইটযোগে উত্তৰাখণ্ডক কাষৰীয়া অঞ্চলত বুধবাৰ, ১২ জুলাইত ১১৫.৬ ৰ পৰা ২০৪.৪ মিমি মাত্ৰাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে। এই ভয়ংকৰ পৰিস্থিতি প্ৰশাসনে সচেতন হৈ থকাৰ লগতে যিকোনো মুহূততে হ’বলগীয় ভয়ংকৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ NDRF, PWD, সেনাবাহিনী সৰ্তক হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *