আমাৰ গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Share

আংশিকভাৱে অসমৰ গোলাঘাট জিলা আৰু নগাঁও জিলাৰ মাজত অৱস্থিত প্রায় ৪৩০ বৰ্গ কিলোমিটাৰ ঠাই জুৰি এই উদ্যান বিস্তৃত। অসমৰ এই প্রাচীনতম উদ্যানখনৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে কাৰ্বি-আংলং পাহাৰ। ৩৭ নং ৰাষ্ট্ৰীয় পথটোৱে ইয়াৰ দক্ষিণ সীমা চুই গৈছে। ‘মানুহৰ সংখ্যা বৃদ্ধি আৰু যন্ত্র-সভ্যতাৰ প্রসাৰৰ লগে লগে পৃথিৱীৰ বুকুৰ পৰা ইয়াৰ প্রাকৃতিক সম্পদ আৰু সৌন্দর্য দ্ৰুতগতিত বিলুপ্ত হ’বলৈ ধৰিছে। অথচ মানুহ বাচি থাকিবলৈ প্রকৃতিৰ সম্পদ আৰু সৌন্দর্য অতীকৈ প্রয়োজনীয়। সেইবাবে বৰ্তমান পৃথিৱীৰ দেশসমূহে নিজ নিজ দেশৰ প্রাকৃতিক সম্পদ আৰু সৌন্দর্য ৰক্ষাৰ কাৰণে বিশেষ বিশেষ ব্যৱস্থা হাতত লৈছে। সেইবোৰৰ ভিতৰত বনাঞ্চল সংৰক্ষণ, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান স্থাপন উল্লেখযোগ্য। প্রাকৃতিক সম্পদ আৰু সৌন্দর্যত চহকী আমাৰ অসম দেশৰ এই সম্পদ আৰু সৌন্দর্যও দিনে দিনে হ্ৰাস পাব’লৈ ধৰিছে। সেয়েহে আমাৰ চৰকাৰেও কিছুমান বনাঞ্চল সংৰক্ষিত কৰিছে। মানাস, ওৰাং আদি কিছুমান অঞ্চল অভয়াৰণ্য ঘোষণা কৰিছে আৰু কাজিৰঙাক ‘ৰাষ্ট্ৰীয় উদ্যানত’ পৰিণত কৰিছে।
ব্ৰিটিছৰ দিনতে এই উদ্যানখনক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল। স্বাধীনোত্তৰ কালত ইয়াক প্রথমে অভয়াৰণ্য আৰু পিছত ৰাষ্ট্ৰীয় উদ্যানত পৰিণত কৰা হয়। ১৯৫০ চনত অৰণ্য সংৰক্ষক (forest conservationist) পি. ডি. ষ্ট্ৰেচীৰ উদ্যোগত ‘কাজিৰঙা অভয়াৰণ্য’ নাম সলনি কৰি ‘কাজিৰঙা বন্যপ্রাণী অভয়াৰণ্য’ (Kaziranga Wildlife Sanctuary) কৰা হয়। ১৯৫৪ চনত অসম চৰকাৰে ‘অসম (গঁড়) আইন'(Assam Rhinoceros Bill) প্রণয়ন কৰে আৰু এই আইনৰ জৰিয়তে চোৰাংকৈ গঁড় হত্যাৰ বিৰুদ্ধে শাস্তিৰ দাবী কঠোৰ কৰা হয়। ১৯৬৮ চনত চৰকাৰে প্ৰণয়ন কৰে ‘অসম ৰাষ্ট্ৰীয় উদ্যান আইন, ১৯৬৮ চন'(The Assam National Park Act of 1968) আৰু এই আইনৰ জৰিয়তে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয়। ১৯৭৪ চনৰ ১১ ফেব্রুৱাৰী তাৰিখে কেন্দ্রীয় চৰকাৰে ৪৩০ বৰ্গ কিলোমিটাৰ মাটি-কালিৰে আগুৰা কাজিৰঙাক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়ে। ১৯৮৫ চনত কাজিৰঙাক ইউনেস্কোৰ (UNESCO) ‘বিশ্ব ঐতিহ্য ক্ষেত্র'(World Heritage Site) হিচাপে অন্তর্ভুক্ত কৰা হয়।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৩৫ বিধ স্তন্যপায়ী প্রজাতিৰ বসবাস আৰু প্রজনন স্থলী। ইয়াত নানান জীৱ-জন্তু, চৰাই-চিৰিকটি আদি দেখিবলৈ পোৱা যায়। আজি-কালি লুপ্ত হোৱা দেওৰাজ হাঁহ আৰু ৰাং কুকুৰো ইয়াত আছিল। এই উদ্যান নিম্নোক্ত প্রজাতি কেইটাৰ পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ বাসভূমি: এশিঙীয়া গঁড়, বনৰীয়া ম’হ আৰু দল-হৰিণা। বৃহৎ সংখ্যক ডাঙৰ জন্তুৰ ভিতৰত হাতী, মেথোন আৰু শৰ পহু। সৰু জাতৰ তৃণভোজী প্রণীৰ ভিতৰত সুগৰী পহু, বনৰীয়া গাহৰি আৰু খটীয়া হৰিণ আদি যথেষ্ট পৰিমাণে পোৱা যায়। সমগ্র পৃথিৱীৰ প্ৰায় ৫৭ বনৰীয়া ম’হ কাজিৰঙাতে পোৱা যায়। জীৱ-জন্তুৰ উপৰিও অসমত থকা প্রায় সকলো চৰাইকে ইয়াত দেখিবলৈ পোৱা যায়। পানীত নানান বিধৰ মাছ-কাছ আদিৰ বাহিৰেও সাপ,সৰীসৃপ,শিহু,ঘৰিয়াল আদি যথেষ্ট পৰিমাণে আছে। ইয়াত পিটনি, জলাশয় আদিও আছে। নানান গছ-গছনি, নল-খাগৰি, ইকৰা, খেৰ, ঘাঁহনি আদিও আছে। এইবোৰত চৰাই-চিৰিকটি, জীৱ-জন্তু, মাছ-শিহু আদিয়ে মুক্ত মনে বিচৰণ কৰি ফুৰে।
ইয়াৰ প্রাকৃতিক সৌন্দর্যও বৰ মনোৰম আৰু উপভোগ্য। বিস্তীর্ণ ঘাঁহনি-বননিৰ শ্যামলীমা, সূর্যোদয় আৰু সূৰ্যাস্তৰ ৰাঙলী আভাই মানুহৰ মন ৰঙাই তোলে। ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা বলা মৃদু, মধুৰ সমীৰণে দেহ শাঁত পেলায়। হাবিৰ মাজৰ জীৱ-জন্তুৰ মুক্তমনে বিচৰণ, পানীৰ মাছ-কাছৰ বিহাৰ চাই আৰু চৰাই-চিৰিকটিৰ কিৰিলি, জিলিৰ মাত শুনি বিমুগ্ধ নহ’ব কোন? সেইবাবেই এই ৰাষ্ট্ৰীয় উদ্যান চাবলৈ নানান ঠাইৰ নানান মানুহ আহে। প্রকৃতি-প্ৰেমী আহে, প্রানী-বিশেষজ্ঞ আহে, কেমেৰা লৈ ছবি তোলা মানুহ আহে, আহে কৌতূহলী জনতাৰ বিভিন্ন দল, উপদল। খৰালি কালছোৱাত বন-ভোজ খাওঁতা লোকৰো প্রচুৰ সমাগম হয়।
দেশ-বিদেশৰ পৰ্যটকসকলৰ কাৰণে চৰকাৰৰ পৰ্যটক বিভাগৰ পৰা নানান সা-সুবিধা আৰু সেৱা আগবঢ়াইছে। যাতায়তৰ সুবিধা কৰি দিছে, থকা-মেলাৰ বাবে আধুনিক আদৱ-কায়দাৰ পৰ্যটক-নিৱাসৰ ব্যৱস্থা কৰিছে। মাজে মাজে আলিবাট আছে, জিৰণি-ঘৰ আছে। হাতীত উঠি গোটেই উদ্যান পৰ্যটন কৰিব পৰাৰো ব্যৱস্থা আছে। তথাপিও ইয়াক আৰু অধিক উন্নত আৰু আকৰ্ষণীয় কৰাৰ প্রয়োজনীয়তা আছে।
কাজিৰঙাৰ জীৱ-জন্তু, গছ-গছনি আদি ৰাষ্ট্ৰীয় সম্পত্তি। ইয়াৰ জীৱ-জন্তু দেশ-বিদেশৰ চিৰিয়াখানালৈ পঠিয়াই অসম চৰকাৰে বহুত টকা আয় কৰে। উদ্যানৰ বাবে অৰ্থনৈতিক সাহায্য ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ বিভিন্ন পৰিকল্পিত আৰু পৰিকল্পনা বহিৰ্ভূত বিভিন্ন শিতানৰ যোগেদি আগবঢ়োৱা হয়। কেন্দ্রীয় চৰকাৰৰ হাতী প্রকল্পৰ পৰাও সাহায্য আহে। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাৰ পৰাও অনুদান পোৱা যায়। পৰ্যটকসকলৰ পৰাও কিছু বৈদেশিক বিনিয়োগযোগ্য মুদ্রা লাভ কৰে। কিন্তু পৰিতাপৰ বিষয় এয়ে যে, দিনক দিনে কাজিৰঙাৰ বনাঞ্চলৰ পৰিমাণ কমিবলৈ ধৰিছে, কাষতে লাগি থকা ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গৰাখহনীয়াই শ শ জীৱ-জন্তুৰ কাৰণে বিপদ মাতি আনে। বানপানীত বহুতো জীৱ-জন্তুৱে প্রাণ হেৰুৱাৱলগীয়া হয়। এইয়া এক ডাঙৰ সমস্যা। আন এক ডাঙৰ সমস্যা হ’ল কাজিৰঙাৰ আশে-পাশে চলি থকা বেদখলে উদ্যানখনৰ সীমা চেপি আনি পশুৰ বাবে বাসস্থান সীমিত কৰিছে। ইয়াৰোপৰি চৰকাৰী নিষেধাজ্ঞাকো আওকাণ কৰি মাজে মাজে ধন আৰু মঙহলোভী চিকাৰীয়ে চোৰাংভাৱে ইয়াৰ জীৱ-জন্তু বধ কৰা পৰিলক্ষিত হয়। বিশেষকৈ চোৰাং গঁড়-চিকাৰীয়ে কেতিয়াবা ইয়াৰ পহৰাদাৰৰ সংগোপনে মিতিৰালি কৰি গঁড় চিকাৰ কৰা দেখা যায়। সেইবাবে ইয়াৰ পহৰা-ব্যৱস্থা আৰু অধিক কটকটীয়া আৰু নিৰাপদ কৰাটো খুবেই প্ৰয়োজন।
শেষত এটাই কথা কওঁ যে, কাজিৰঙা অকল ৰাষ্ট্ৰীয় সম্পদেই নহয়;ই আমাৰ দেশৰ গৌৰৱৰো বিষয়। সেয়ে ইয়াৰ ৰক্ষণাবেক্ষণ আৰু শ্রীবৃদ্ধিৰ ক্ষেত্রত চৰকাৰৰ সৈতে আমিও সহযোগী হৈ আগবাঢ়ি যাব লাগিব।

মাধুৰীমা ৰায়
ছাত্রী,আই এম চি এম এচ, গুৱাহাটী-২১

Leave a Reply

Your email address will not be published. Required fields are marked *