সাতটা পদকেৰে ইতিহাস গঢ়িলে অষ্ট্ৰেলিয়াৰ এমাই

Share

অনালি শৰ্মা

টকিঅ’ ৩ আগষ্ট : অষ্ট্ৰেলিয়াৰ সাঁতোৰবিদ এমা মেককিৱনে সাতটা পদক পাই অভিলেখ গঢ়িছে টকিঅ’ অলিম্পিকত । এতিয়া এমা এখন অলিম্পিকত সৰ্বাধিক পদক লাভ কৰা মহিলা সাঁতোৰবিদ হিচাপে পৰিগণিত হৈছে । টকিঅ’ অলিম্পিক খনত তেওঁ ৪টা স্বৰ্ণ পদকৰ লগতে তিনিটা ব্ৰঞ্জৰ পদক লভ কৰে । উল্লেখ্য যে আজি মহিলাৰ ৪×১০০ মিটাৰ মেডলী ৰীলেত স্বৰ্ণ লাভ কৰি ইতিহাসৰ পৃষ্ঠাত নাম লিখিবলৈ সক্ষম হয় । ইতিমধ্যে তেওঁ ৫০ মিটাৰ , ১০০ মিটাৰৰ লগতে ৪× ১০০ মিটাৰ ফ্ৰীষ্টাইলতো স্বৰ্ণ পদক লাভ কৰে । তদুপৰি অন্য খেলত একেখন অলিম্পিকতে আন এগৰাকী ছোভিয়েট ইউনিয়নৰ মহিলাই ৭ টা পদক লাভ কৰে । উক্ত খেলুৱৈ গৰাকীৰ নাম জিমনাষ্ট মাৰিয়া গৰখ’বস্কায়া ।

Leave a Reply

Your email address will not be published. Required fields are marked *