গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৌশিক গোস্বামীৰ

Share

শুকুৰবাৰে পুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে জ্যেষ্ঠ অধিবক্তা কৌশিক গোস্বামীয়ে ।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন বিল্ডিঙৰ ১নং আদালতত অন্যান্য ন্যায়াধীশৰ উপস্থিতিত গোস্বামীৰ শপত গ্ৰহণ অনুষ্ঠান  অনুষ্ঠিত হয় । উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে জেষ্ঠ্য অধিবক্তাজনক গুৱাহাটী  উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে দুবছৰৰ বাবে নিযুক্তি দিছিল । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ আৰু ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু সঞ্জীৱ খান্নাই গঠিত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে  উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে তেওঁৰ নাম পৰামৰ্শ দিয়াৰ পিছত এই কথা প্ৰকাশ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *