কাৰ্গিল বিজয় দিৱসৰ দিনাই চৰকাৰৰ চাৰিখনকৈ সৈনিক বিদ্যালয় স্থাপনৰ পৰিকল্পনা

Share

অনালি শৰ্মা
দীঘলীপুখুৰী, ২৭জুলাই : ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দীঘলীপুখুৰী পাৰত থকা যুদ্ধ স্মাৰক পদৰ্শন কৰি অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা ভাৰতবৰ্ষক ৰক্ষা কৰা তথা দেশ মাতৃৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া প্ৰত্যেকজন বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে এই অনুষ্ঠানত ভাগ ল’বলৈ পাই মুখ্যমন্ত্ৰী গৰাকীয়ে নিজকে সৌভাগ্যৱান অনুভৱ কৰে । জম্বু-কাশ্মীৰৰ সুউচ্চ শিখৰৰ ভূমি পুনৰুদ্ধাৰ আৰু সুৰক্ষিতকৰণৰ বাবে দেশৰ সশস্ত্ৰ বাহিনীয়ে প্ৰদৰ্শন কৰা বীৰত্ব আৰু সৰ্বোচ্চ ত্যাগৰ প্ৰতীক হিচাপে উদযাপন কৰা এই অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসম চৰকাৰ নিৰাপত্তা বাহিনীৰ জোৱানসকলৰ কল্যাণৰ বাবে সম্ভৱপৰ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । তদুপৰি প্ৰাক্তন সৈনিক সকলৰ কল্যাণো ৰাজ্য চৰকাৰৰ বাবে অন্যতম অগ্ৰাধিকাৰ বিষয় বুলি উল্লেখ কৰে । উল্লেখ্য যে এই সমূহৰ উপৰিও অৱসৰপ্ৰাপ্ত জোৱানসকলৰ সহায় অৰ্থে আৰু অধিক আঁচনি হাতত লোৱাৰ কথাও মুখ্যমন্ত্ৰী গৰাকীয়ে জনায় । তেওঁৰ প্ৰয়াত জিন্টু গগৈৰ পিতৃ- মাতৃ , টি আৰ গগৈ আৰু দুলু গগৈৰ লগতো কথা- বতৰা হয় । মুখ্যমন্ত্ৰী গৰাকীয়ে জিন্টু গগৈয়ে দেশৰ কাৰণে কৰা যি সৰ্বোচ্চ ত্যাগ সেই ত্যাগৰ পৰা আজিও অনুপ্ৰেৰণা লাভ কৰি আহিছে বুলি কোৱাৰ লগতে যুৱ প্ৰজন্মৰ মনত ৰাষ্ট্ৰীয় সেৱা জাগ্ৰত কৰাৰ মানসেৰে ৰাজ্য খনত আৰু চাৰিখন সৈনিক বিদ্যালয় স্থাপন কৰাৰ পৰিকল্পনাৰ কথা জনায় । উক্ত অনুষ্ঠানত তেওঁ সেই চৌহদৰ ভিতৰতে নিৰ্মিত সংগ্ৰহালয় উদ্বোধন কৰে । ১৯৯৯ চনৰ ৮ মে’ ত আৰম্ভ হৈ ২৬ জুলাইত সমাপ্ত হোৱা কাৰ্গিল যুদ্ধত ভাৰতীয় নিৰাপত্তা বাহিনীৰ সৰ্বমুঠ ৬৭৪ গৰাকী যোদ্ধা শ্বহীদ হৈছিল । এই সকলৰ ভিতৰত কেপ্টেইন জিন্টু গগৈ , উদ্ধৱ দাস আৰু নন্দ চান্দ সিনহা । যি সকলে দেশ মাতৃৰ সুৰক্ষাৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছিল । ২২ সংখ্যক কাৰ্গিল বিজয় দিৱসৰ এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া লেফটেনেন্ট জেনেৰেল পি কে ভৰালী, ৫১ ছাব এৰিয়ান জি অ’ চি মেজৰ জেনেৰেল বিকাশ চাইনি , ২১ মাউন্টেইন ডিভিজনৰ ডেপুটী জি অ’ চি টি পি এছ কনচেল , ১৯ উইং বৰঝাৰৰ কামাণ্ডিং এয়াৰ অফিচাৰ অতুল সাগৰ , সৈনিক কল্যাণ সঞ্চালকালয়ৰ অসম সঞ্চালক এন ডি যোশীৰ উপৰীও কেইবাজনো বিশিষ্ট ব্যক্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *