২২ সংখ্যক কাৰ্গিল বিজয় দিবস উপলক্ষে এক প্রতিবেদন

Share

ছাদ্দাম হুছেইন

আজি ২৬ জুলাই, ভাৰতবাসীৰ বাবে এটা চিৰস্মৰণীয় দিন। আজি ২২ সংখ্যক কাৰ্গিল বিজয় দিবস। ১৯৯৯ চনৰ জুন মাহত সীমান্তৰ কাৰ্গিলত পাকিস্তান সেনাৰ সৈতে হোৱা ভাৰতীয় সেনাৰ তুমুল সংঘর্ষত আজিৰ এই ঐতিহাসিক দিনটোতেই ভাৰতীয় সেনাই পাকিস্তানি সেনাক পৰাভূত কৰি পাকিস্তান সীমান্তত উৰুৱাইছিল বিজয় ধ্বজা।
প্ৰায় ডেৰ মাহ দিন ধৰি চলিছিল দেশ মাতৃক ৰক্ষাৰ যুঁজ। উক্ত যুঁজত কেবা শতাধিক সৈনিকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল সহস্রাধিক জোৱান।তাৰ পিছতো ভাগৰি পৰা নাছিল ভাৰতীয় সেনা। শত্রুৰ সকলো কৌশল উফৰাই ১৯৯৯ চনৰ ২৬ জুলাই তাৰিখে কাৰ্গিলত প্ৰায় ১৮ হাজাৰ ফুট উচ্চতাত ভাৰতীয় সেনাই উৰুৱাইছিল বিজয় নিচান। তেতিয়াৰ পৰাই উক্ত দিনটো পালন কৰি অহা হৈছে কাৰ্গিল বিজয় দিবস হিচাপে।
গুলী-বাৰুদ, মিছাইলৰ শব্দই উত্তপ্ত কৰি তুলিছিল সমগ্র পৰিৱেশ। য’ত আন বহু জনৰ লগতে দেশৰ কাৰণে জীবন বলিদান দিছিল অসম সন্তান বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈয়ে। ১১দিন পৰ্যন্ত মুখত এটুপি পানী নিদিয়াকৈ যুদ্ধত অৱতীৰ্ণ হৈছিল ভাৰতীয় সেনা জোৱান সকল। আনহাতে মৃত্যুৰ দহদিন পাছত বৰফৰ মাজৰ পৰা উদ্ধাৰ হৈছিল আন বহু জনৰ লগতে বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ নিঠৰ দেহ।

Leave a Reply

Your email address will not be published. Required fields are marked *