বন্দনা হাজৰিকা
গুৱাহাটী, ৯ চেপ্তেম্বৰঃ অতি শীঘ্ৰেই ঠিকনা সলনি হব গুৱাহাটী মহানগৰীৰ কামৰূপ জিলা উপায়ুক্ত কাৰ্য্যালয় আৰু আৰক্ষী আয়ুক্ত কাৰ্য্যালয়। ব্ৰক্ষ্মপুত্ৰ নদীৰ পাৰৰ শোভাবৰ্ধনৰ বাবে ইতিমধ্যে এই দুয়োটা কাৰ্য্যালয়ৰ স্থান সলনি কৰা আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে দুয়োটা কাৰ্য্যালয়ৰ বাবে নিৰ্ধাৰণ কৰা স্থান ৰূপনগৰ আৰু খানাপাৰাৰ স্থান পৰিদৰ্শন কৰে।আৰু দুয়োটা কাৰ্যালয়ৰ ভৱনসমূহ কাম কাজ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়টো অত্যন্ত ঠেক আৰু খেলিমেলি পৰিৱেশৰ মাজত আছে বুলি উল্লেখ কৰে ।