ছাদ্দাম হুছেইন, ১ অক্টোৱৰঃ মহামাৰী কৰোণা সংক্ৰমণৰ বাবে ৰাজ্য চৰকাৰে বিগত কিছুদিন ধৰি ৰাজ্যত পৰ্যটকৰ বাবে বন্ধ কৰি ৰাখিছিল ৰাষ্ট্ৰীয় উদ্যান সমুহ।
শেহতীয়াকৈ ৰাজ্যত কভিড পৰিস্থিতি কিছু উন্নত হোৱা বাবে আজি ৰাজ্য চৰকাৰে পৰ্যটকৰ বাবে মুকলি কৰি দিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
বনমন্ত্রী পৰীমল শুক্লবৈদ্যই আজি সম্পুর্ণ মাংগলিক কাৰ্য্যসূচীৰে মুকলি কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। সেয়েহে কভিড প্ৰটোকল মানি আজিৰে পৰাই পৰ্যটকে কাজিৰঙাত কৰিব পাৰিব হাতী ছাফাৰী, জীপ ছাফাৰী আদি।