গুৱাহাটীৰ কাহিলীপাৰাত অবস্হিত জ্যোতি চিত্ৰবনত ১৯,২০,২১ ছেপ্তেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৱ ‘’SOUL’’ নামৰ তথ্য-চিত্ৰ ছবি সমাৰোহ।
বিভিন্ন স্তৰত প্ৰচলিত সমাজৰ পৰম্পৰাগত ৰীতি-নীতিসমূহ প্ৰচাৰ আৰু সংৰক্ষণৰ উদ্দেশ্যে এই মহোৎসৱ অনুষ্ঠিত হৱ।উত্তৰ-পূব ভাৰতৰ ৩০ টাৰো অধিক জনগোষ্ঠী-সম্প্ৰদায়ৰ ৭০ খনৰো অধিক তথ্য চলচ্ছিত্ৰই এই মহোৎসৱত যোগদান কৰিছে ।সোমবাৰে জ্যোতি চিত্ৰবনত আয়োজন কৰা এখন সংবাদমেলত এই কথা ঘোষণা কৰে এই চলচ্ছিত্ৰ মহোৎসৱৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত আই.পি.এছ. বিষয়া প্ৰদীপ কুমাৰ, মহোৎসৱৰ সঞ্চালক [আই.এ.এছ.] মনিতা বৰগোঁহাই আৰু জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে এই মহোৎসৱৰ উদ্বোধনী দিনটোত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰগন,নাগালেণ্ডৰ পৰ্যটন আৰু শিক্ষামন্ত্ৰী তেমজেন ইমনা আলং,অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু বিশিষ্ট চলচিত্ৰ পৰি্চালক মঞ্জু বৰা বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকিব।
আনহাতে অহা ২১ ছেপ্টেম্বৰত এই মহোৎসৱৰ সামৰণি অনুষ্ঠানত আৰ.এছ.এছৰ সহ সৰকাৰ্যবাহ ড॰ কৃষ্ণ গোপাল শৰ্মা, মন্ত্ৰী বিমল বৰা, পীযুষ হাজৰিকা আৰু মণিপুৰৰ চলচ্ছিত্ৰ নিৰ্মাতা অইনাম ডৰেণ উপস্থিত থাকিব । ‘’SOUL’’ তথ্য চলচ্ছিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্য ছবি হিছাপে নিৰ্বাচিত হোৱা ছবিখনক এক লাখ টকা, দ্বিতীয় শ্ৰেষ্ঠ ছবিখনক ৭৫ হেজাৰ টকা, তৃতীয় শ্ৰেষ্ঠ ছবিখনক ৫০ হেজাৰ টকা আৰু শ্ৰেষ্ঠ পৰিচালকক ২৫ হাজাৰ টকা আৰু শ্ৰেষ্ঠ চিত্ৰগ্ৰাহকক ২০ হাজাৰ টকা প্ৰদান কৰা হৱ।ইয়াৰ উপৰিও বিশেষ পুৰস্কাৰ থাকিব জুৰিৰ বাবে।