ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ কাৰ্যকাল ১০ নৱেম্বৰত সমাপ্ত হ’ব । ইয়াৰ লগে লগে পৰৱৰ্তী মুখ্য ন্যায়াধীশ কোন হ’ব তাক লৈ আৰম্ভ হৈছে বহু জল্পনা-কল্পনা। অৱশ্যে জ্যেষ্ঠ ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নাম যথেষ্ট চৰ্চাত আছে। ইতিমধ্যে পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নাম প্ৰস্তাৱ কৰিছে বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। কেন্দ্ৰীয় চৰকাৰলৈ এক প্ৰস্তাৱত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে যিহেতু তেওঁ ১০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব সেয়ে ন্যায়াধীশ সঞ্জীৱ খান্না হ’ব তেওঁৰ উত্তৰাধিকাৰী। কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱত অনুমোদন জনালে দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সঞ্জীৱ খান্না।