সাংবাদিক মায়ৰা হাচমীয়ে লাইভ সংবাদ পৰিৱেশনৰ সময়তে এজন যুৱকক শোধাইছিল চৰ ! কিন্তু কিয় ? কাৰণ ব্যাখ্যা কৰিলে মায়ৰাই

Share

সামাজিক মাধ্যমত কিছুদিন পূৰ্বেই এটি ভিডিঅ’ খুৱ বেছি ভাইৰেল হৈ পৰিছিল ।চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল এই ভিডিঅ’টো ।প্ৰকৃততে হৈছিল কি ? সেইদিনা আছিল ১৪ জুলাই । পাকিস্তানৰ বকৰিদ্ উপলক্ষে লাইভ ৰিপৰ্টিং চলি থকাৰ সময়তে পাকিস্তানী সাংবাদিক মায়ৰা হাচমীয়ে এজন যুৱকক চৰ শোধাইছিল ।যাৰ বাবে এনে কাৰ্য্যক লৈ বিভিন্ন প্ৰতিক্ৰিয়া তথা মন্তৱ্যৰে ভৰি পৰিছিল সামাজিক মাধ্যম । সকলোৰে মনত এটাই প্ৰশ্ন কিয় চৰ শোধাইছিল যুৱকজনক ? পিছে এই ঘটনা সন্দৰ্ভত মাইৰায় কাৰণ বৰ্ণনা কৰিলে ।

এই সম্পৰ্কে টুইট কৰি জনালে মাইৰায় ।মাইৰায় কয় যে – ‘ সাক্ষাৎকাৰটো লৈ থকা সময়ত এই যুৱকজনে বহুত অসুবিধা দি আছিলে । যাৰ বাবে তেওঁ হাত দাঙিবলৈ বাধ্য হৈছিল ।প্ৰথমতে মই তাক বুজাবলৈ চেষ্টা কৰিছিলো, কিন্তু সি সেয়া নামালিলে । সি মোৰ এটা কথাও শুনা নাছিল আৰু আমনি দিয়েই থাকিল । পাছত মই দেখিলোঁ যে মোৰ নিৰ্দেশৰ পাছতো তাৰ আচৰণৰ কোনো ধৰণৰ পৰিবৰ্তন নহ’ল , তাৰ পাছত মই ভাবিলো যে আৰু ৰৈ থকা নহ’ব , সেয়ে  যুৱকজনৰ ওপৰত হাত উঠালোঁ’ ।   

Leave a Reply

Your email address will not be published. Required fields are marked *