বিশ্বজুৰি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ জনছন বেবী পাউদাৰ

Share

গুৱাহাটী,১৩ আগষ্টঃ আমেৰিকা যুক্তৰাষ্ট্ৰ ফাৰ্মাচিউচটিকেল জায়ান্ট জনছনে বৃহস্পতিবা্ৰে ঘোষণা কৰে যে ই ২০২৩ চনত বিশ্বব্যাপী ইয়াৰ বিতৰ্কিত টাল্ক-আধাৰিত বেবী পাউদাৰৰ বিক্ৰী বন্ধ কৰা হব । 

    উল্লেখ্য যে, বছৰ ধৰি , জে এণ্ড জে টেলকাম পাউডাৰ, বিশেষকৈ বেবী পাউদাৰ বিতৰ্কৰ কেন্দ্ৰত আছে । গ্ৰাহকসকলৰ দ্বাৰা ৩৮,০০০ ৰো অধিক মোকৰ্দমা দাখিল কৰা হৈছে , তেওঁলোকে অভিযোগ  কৰিছে যে তেওঁলোকৰ এই সামগ্ৰীৰ ব্য়ৱহাৰৰ দ্বাৰা অনিষ্ট সাধন হৈছে । মোকৰ্দমাত দাবী কৰিছে যে পাউদাৰ  কৰ্কট ৰোগ সৃষ্টিকাৰী সামগ্ৰী যেনে এচবেষ্টছ আছিল ।জনছন এণ্ড জনছনে বিশেষকৈ মহিলাসকলৰ পৰা  হাজাৰ হাজাৰ মোকৰ্দমাৰ সন্মুখীন হৈছে যিয়ে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকে ইয়াৰ টেলকাম পাউদাৰ এচবেষ্টছ আছে আৰু তেওঁলোকৰ ডিম্বাশয়ত কৰ্কট ৰোগৰ সৃষ্টি কৰিছে । 

এই পাউদাৰ ব্য়ৱহাৰ কৰিলে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি বুলি এক গৱেষণাত প্ৰকাশ কৰাৰ পাছতেই পাউদাৰ থকা ৰাসায়নিক দ্ৰব্য়ক লৈ উদ্বেগ ব্য়ক্ত কৰিছিল আমেৰিকাৰ বিজ্ঞানীয়ে । পাউদাৰ বিধত আছে প্ৰাকৃতিকগতভাৱে পোৱা চিলিকেট নামৰ মিনাৰেল । যি শৰীৰৰ বাবে  হানিকাৰক । 

অৱশ্য়ে এই পাউদাৰবিধ বন্ধ কৰিলেও ইয়াৰ স্থান লব পৰা আন এবিধ পাউদাৰ অচিৰেই বজাৰত মুকলি কৰিব কোম্পানীয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *