বিহুৰ পিছত এইবাৰ বিশ্ব অভিলেখ গঢ়িব ঝুমুৰ নৃত্যই

Share

বিহুৰ পিছত এইবাৰ বিশ্ব অভিলেখ গঢ়িব ঝুমুৰ নৃত্যই। ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰলৈ নিবলৈ সাজু হৈছে অসম চৰকাৰ। ২৪ ফেব্রুৱাৰীত মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ঝুমুৰ নৃত্যৰ এই বৃহৎ অনুষ্ঠান। ৰাজ্যৰ প্ৰায় ৮০০ খন চাহ বাগিছাৰ ৭০০০ তকৈ অধিক ঝুমুৰ শিল্পীয়ে একেলগে প্ৰৰ্দশন কৰিব ঝুমুৰ নৃত্য। একোখন চাহ-বাগিছৰ পৰা ৮০ পৰা ১২০ গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। ৰাজ্য চৰকাৰৰ এক সূত্ৰই সদৰী কৰা মতে ঝুমুৰ নৃত্যৰ এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী। উল্লেখ্য যে প্ৰতিখন জিলাৰ দায়িত্বত থকা অভিভাৱক মন্ত্ৰীসকলে ঝুমুৰ নৃত্য শিল্পীসকলৰ নিৰাপত্তা সুনিশ্চিতকৰন, সাজ-পোছাকৰ ব্যৱস্থা, চিকিৎসা আৰু থকা-লোৱাৰ ব্যৱস্থা লগতে জিলা পৰ্যায়ত প্ৰশিক্ষণৰ বাবে মাষ্টাৰ ট্ৰেইনাৰৰ ব্যৱস্থা কৰি দিয়া হব। গিনিজ বুকত ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখ গঢ়িবলৈ নৃত্য শিল্পীসকলক জিলা পৰ্যায়ত অনুষ্ঠিত হোৱা কৰ্মশালাৰ পৰাই নিৰ্বাচিত কৰা হ’ব। ২০ ফেব্রুৱাৰীৰ পিছত সৰুসজাইৰ মূল ষ্টেডিয়ামত ইয়াৰ আখৰা চলিব। অনুষ্ঠানটিৰ মূল পৰিচালনাৰ দায়িত্বত আছে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ। এই অনুষ্ঠানৰ অন্যতম সমন্বয়কৰ দায়িত্ব দিয়া হৈছে কামৰূপ মেট্ৰ’ৰ আয়ুক্তগৰাকীক ।

Leave a Reply

Your email address will not be published. Required fields are marked *