১৯ নবেম্বৰ অৰ্থাৎ কালি পাটনাৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত নতুন বিধায়কসকলৰ সৈতে হোৱা বৈঠকত প্ৰথমবাৰৰ বাবে নীতিশ কুমাৰ জনতা দল(ইউ) বিধানসভা দলৰ নেতা হিচাপে নিৰ্বাচিত হয়।বিহাৰত নীতিশ কুমাৰৰ নেতৃত্বত নতুন চৰকাৰ গঠনৰ পূৰ্বে নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সৰ বিধানসভা দলৰ নেতা হিচাপেও তেওঁ সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হয়।
আজি গুজৰাটৰ গান্ধী ময়দানত অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান।অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে হাৰিয়ানা,অসম,দিল্লী,নাগালেণ্ড,অন্ধ্ৰ-প্ৰদেশ,উত্তৰ-প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী।
বিহাৰত চানক্য-নীতিৰে নিজৰ প্ৰভাৱ পেলোৱা নীতিশ কুমাৰে আজি ১০ম বাৰলৈ ৰাজ্যপাল আৰিফ মহম্মদৰ উপস্থিতিত মুখ্যমন্ত্ৰী ৰূপত শপত গ্ৰহণ পাঠ কৰে।নীতিশ কুমাৰ পোন প্ৰথমবাৰৰ বাবে ২০০০ চনত মুখ্যমন্ত্ৰী হৈছিল যদিও মাত্ৰ ৭ দিনৰ বাবে।তাৰ পাছত তেখেত ২০০৫ চনৰ নবেম্বৰত পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল।২০০৫ ৰ পৰা ২০২৫ লৈ তেখেতে বিহাৰৰ মুখ্যমন্ত্ৰীৰুপে কৰ্মৰত আছিল।২০২৫ বিহাৰ বিধানসভা নিৰ্বাচনত NDA ৰ বৃহৎ সফলতাৰ পাছত পুনৰ মুখ্যমন্ত্ৰী হ’ল নীতিশ কুমাৰে।
মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগত ২৬ গৰাকী NDA ৰ বিধায়কে মন্ত্ৰীৰুপে শপত গ্ৰহণ কৰে।১৪ গৰাকীয়ে বিজেপি,৮ গৰাকীয়ে জে.দি.ইউ.,২ গৰাকীয়ে এল.জে.পি.(আৰ.ভি.) ৰ লগতে HAM(S) আৰু RLM ৰ পৰা এগৰাকীকৈ বিধায়কে মন্ত্ৰীৰূপে শপত লয়।
বিহাৰৰ বিকাশৰ বাবে NDA ৰ মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীসকলে কেনেদৰে কাম কৰে সেইয়া সময়ত হ’ব লক্ষনীয়।