নৃত্যৰ খ্যাতনামা যতীন গোস্বামীলৈ পদ্মভূষণ আৰু সত্ৰীয়া মুখাভিনয়ৰ অৱদানৰ বাবে ৰেৱকান্ত মহন্তলৈ পদ্মশ্ৰী বঁটা সন্মান

Share

মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সত্ৰীয়া নৃত্যৰ খ্যাতনামা শিল্পী শ্ৰীযতীন গোস্বামীক পদ্মভূষণ আৰু সত্ৰীয়া মুখা নিৰ্মাণ তথা মুখাভিনয়ৰ ক্ষেত্ৰত অৱদানৰ বাবে শ্ৰীৰেৱকান্ত মহন্তক পদ্মশ্ৰী বঁটা প্ৰদান কৰে।

সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জীৱন-জোৰা অৱদান আগবঢ়াই অহা নৃত্যৰ খ্যাতনামা শিল্পী শ্ৰী যতীন গোস্বামীলৈ কলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই বছৰৰ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে।উল্লেখযোগ্য যে ২০০৮ চনত ভাৰত চৰকাৰে যতীন গোস্বামীক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল।আনহাতে,অসমৰ সংস্কৃতিৰ অন্যতম পৰিচয় সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবেই ২০০৪ চনত সংগীত নাটক একাডেমী বঁটাও আগবঢ়োৱা হৈছিল যতীন গোস্বামীলৈ।ইয়াৰ ওপৰিও ২০১৯ চনত সংগীত নাটক একাডেমীয়ে যতীন গোস্বামীক ২০১৮ বৰ্ষত একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেলশ্বিপ সদস্য ৰত্ন আগবঢ়াইছিল।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতিসম্পন্ন সত্ৰীয়া সংস্কৃতিৰ সাধক মুখাশিল্পী ৰেৱকান্ত মহন্তলৈ আগবঢ়োৱা হৈছে এই বছৰৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে।১৯৩৫ চনৰ ১৯ এপ্ৰিলত জন্মগ্ৰহণ কৰা ৰেৱকান্ত মহন্ত মূলতঃ মুখাশিল্পৰ বাবেই দেশে-বিদেশে পৰিচিত।অসমৰ মুখাশিল্পৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৪ চনত তেওঁক সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছিল।আনহাতে,২০১৯ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে।ৰেৱকান্ত মহন্তই সত্ৰীয়া মুখা নিৰ্মান কলাৰ বিশেষজ্ঞ হোৱাৰ লগতে সত্ৰীয়া সংগীত,নৃত্য,খোল বাদন আৰু সঁজুলি নিৰ্মাণৰ জটিলতাসমূহ শিকিছিল।মুখাশিল্পী হিচাপেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছে ৰেৱকান্ত মহন্তই।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে লিখিছে যে-অসমবাসীৰ বাবে সমৃদ্ধিৰ ক্ষণ পৰম শ্ৰদ্ধাৰ শ্ৰীযতীন গোস্বামী ডাঙৰীয়াক আজি মাননীয় ৰাষ্ট্ৰপতি শ্ৰীদ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে সন্মানজনক ‘পদ্মভূষণ’ বঁটা প্ৰদান কৰে৷ গৰিমামণ্ডিত অনুষ্ঠানটিত উপস্থিত থাকি ‘পদ্মশ্ৰী’ সন্মান গ্ৰহণ কৰে শ্ৰদ্ধাৰ শ্ৰীৰেৱকান্ত মহন্ত ডাঙৰীয়াই৷ এই আপাহতে পদ্ম সন্মান কঢ়িয়াই অসম ভূমিৰ গৰিমাক অনন্য মৰ্যাদা প্ৰদান কৰা স্বনামধন্য ব্যক্তিসকললৈ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *