ইতিহাস ৰচনা কৰিলে আইৰণ লেডী হিচাপে খ্যাত ৬৪ বছৰীয়া ছানাই টাকাইচিয়ে।জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ল ছানাই টাকাইচি।জাপানৰ লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টীৰ সভানেত্ৰী ছানাই টাকাইচিক যোৱা ২১ অক্টোৱৰ তাৰিখে সংসদে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে।উচ্চ সদনত তেওঁ ১২৫ টা ভোট লাভ কৰে। ইয়াৰ পূৰ্বতেও তেওঁ নিম্ন সদনত ২৩৭ টা ভোট লাভ কৰিছিল, যিটোৱে প্ৰয়োজনীয় ২৩৩ টা ভোট অতিক্ৰম কৰিছিল ।বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মহিলাগৰাকীক অভিনন্দন জনোৱাৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম এক্সৰ জৰিয়তে অভিনন্দন জনায়। তেওঁ কয় যে -‘‘ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বাবে আপোনালোকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী । ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু ইয়াৰ বাহিৰত শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে আমাৰ গভীৰ সম্পৰ্ক অতি প্ৰয়োজনীয় ।’’