মোৰাঝাৰৰ পূৱ যমুনাগাঁওত এগৰাকী মহিলাক গছত বান্ধি তালিবানী শাস্তিঃ ছচিয়েল মিডিয়াত সমগ্ৰ দৃশ্য ভাইৰেল

Share

নিবেদিতা ভৰালী
৭ আগষ্ট: হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অধীনস্থ পূৱ যমুনাগাৱত এটা চক্ৰই দলবদ্ধ ভাৱে বৰ্বৰ আক্ৰমণ কৰে এগৰাকী মহিলাক৷ হাতে হাতে লাঠি লৈ একাংশ লোকে মহিলা গৰাকীক অতি নিম্ম ভাবে চৰম শাস্তি প্ৰদান কৰা ঘটনাৰ সমগ্ৰ দৃশ্য চছিয়েল মেডিয়াত ভাইৰেল হয় যাৰ ফলত হোজাই জিলাত তীব্ৰ চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হয়৷

ঘটনাৰ বিৱৰণী মতে, হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অধীনস্থ পূব যমুনা গাঁৱৰ আব্দুৰ ৰব নামৰ যুৱকৰ সৈতে নগাঁওৰ জুৰিয়াৰ এগৰাকী বিবাহিতা মহিলাৰ প্ৰেমৰ সম্পৰ্ক আছিল। যুৱক জনে প্ৰেমত প্ৰতাৰণা কৰি প্ৰায় দুই বছৰ পূৰ্বে আব্দুৰ ৰব কৰ্ম সুত্ৰে চৌদি আৰবলৈ যায় আৰু দুই বছৰ চৌদি আৰবত থাকি বৰ্তমান সময়ত নিজ ঘৰত আহে৷ লৰাজন ঘৰত অহাৰ খবৰ পাই মহিলা গৰাকী বৃহস্পতিবাৰে সন্ধিয়াৰ সময়ত আহি উপস্থিত হয় যুৱক জনৰ ঘৰত৷ আৰু তাৰ পিছতে এনে পৰিস্থিতিৰ সৃষ্টি হয়৷
এদল মানৱৰূপী উদণ্ড লোকে আইনক কেৰেপ নকৰি মহিলা গৰাকীক বৰ্বৰ আক্ৰমণ চলায়। স্থানীয় আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলিত মোৰাঝাৰ আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰে। উক্ত ঘটনাৰ লগত জড়িত আব্দুৰ ৰব নামৰ যুৱক জনৰ লগতে আব্দুৰ ৰবৰ মাতৃক মোৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। আনহাতে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত কৰি আক্ৰমণকাৰী অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰি কঠোৰ কঠোৰ শাস্তিৰ দাবী জনায় স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *