বৃহস্পতিবাৰে ভয়ংকৰ বৰফৰ ধুমুহাৰ সন্মুখীন হব লগা হ’ল জম্মু-কাশ্মীৰৰ সোনমার্গ ৷ সামাজিক মাধ্যমত ব্যাপক ভাৱে তুষাৰপাতৰ এক ভিদি’অ প্ৰচাৰিত হৈ আছে যদিও তাৰ কোনো সত্যাসত্য প্ৰমাণীত হোৱা নাই ৷ জানিব পৰা মতে মধ্য কাশ্মীৰৰ বালতালৰ কাষত এই তুষাৰপাতৰ ঘটনা ঘটিছে। তুষাৰপাতৰ খবৰ পাই ঘটনাস্থলিত উপস্থিত হৈছে বর্ডাৰ ৰোড অর্গানাইজেশন আৰু অধিকাৰী ৷ বৰ্তমানলৈকে কোনো ধৰণৰ হতাহতিৰ ঘটনা পোহৰলৈ অহা নাই বুলি প্রশাসনে জানিবলৈ দিয়ে।
বুধবাৰে মৌসম ভবনে জম্মু-কাশ্মীৰ, লাদাখ আৰু হিমাচল প্রদেশত ১২ আৰু ১৩ জানুৱাৰীত সামান্য পৰিমাণৰ বৰষুণ আৰু তুষাৰপাতৰ আগজাননি দিছিল৷তদুপৰি আগন্তক ২৪ ঘন্টাৰ ভিতৰত জম্মু-কাশ্মীৰৰ কেইবাটাও ঠাইত তীব্ৰ বৰষুণ আৰু তুষাৰপাতৰ সম্ভানা প্ৰকাশ কৰিছে৷লগতে গোলমাৰ্গ আৰু জম্মু-কাশ্মীৰ আন ঠাইতো সামান্য তুষাৰপাতৰ ঘটনা ঘটিছে।জম্মুৰ কেইবাটাও ভাগত ঘন মেঘ আৰু কুৱলীৰ বাবে যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰটো যথেষ্ঠ অসুবিধাৰ সন্মুখীন হব লগা হৈছে৷
লগতে হিমাচল প্ৰদেশত, মানালী-লেহ ৰাষ্ট্ৰীয় ঘাইপথৰ অটল টানেল ৰোহটাংকে ধৰি প্ৰায় ১৮২ টা পথ তুষাৰপাতৰ বাবে যান-বাহনৰ চলাচলৰ বাবে বন্ধ কৰি দিয়া হৈছে। ১৬৩ টা পাৱাৰ ট্ৰেন্সফৰ্মাৰও স্থগিত হৈ আছে।