বিদ্যালয় একত্ৰীকৰণৰ ফলত খালী হোৱা হাইস্কুলসমূহত চৰকাৰে পি পি পি মুডত আইটিআই স্থাপন কৰিব। সদনত এই কথা প্ৰকাশ কৰিছে দক্ষতা বিকাশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সদনত মন্ত্ৰী বৰুৱাই বিধায়ক অমিয় কুমাৰ ভূঞাৰ এটা প্ৰশ্নৰ উত্তৰত কয় যে ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডতে একোখনকৈ আইটিআই যাতে স্থাপন হব পাৰে তাৰ পৰিকল্পনাৰে চৰকাৰ আগবাঢ়িছে। কৌশল বিকাশৰ বাবে ৰাজ্যিক চৰকাৰে যিবোৰ খণ্ড উন্নয়ন ক্ষেত্ৰত কোনোধৰণৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান নাই, তেনেবোৰ ব্যক্তিগত খণ্ডৰ অনুষ্ঠানৰ সহযোগিতাত এখনকৈ পূৰ্ণাংগ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ চিন্তা-চৰ্চা কৰি আছে। সদনত মন্ত্ৰী বৰুৱাই কয় যে দক্ষতা বিকাশৰ প্ৰশিক্ষণ আদিৰ আচনিৰ বিষয়ে বহু সময়ত বিধায়কসকল অজ্ঞাত হৈ থাকে। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ প্ৰতি আগ্ৰহী কৰাৰ বাবে সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিব বুলি সদনত মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে।