অনালি শৰ্মা
নতুন দিল্লী, ১৩ আগষ্ট : ভাৰতৰ পৰা দ্বিতীয়টো চন্দ্ৰ লৈ কৰা অভিযানত চন্দ্ৰযান-২ য়ে জোনবাইৰ বকুত পানীৰ অণু থকাৰ তথ্য লাভ কৰে । এই কথা প্ৰকাশ পাইছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ এ এছ কিৰণ কুমাৰৰ সহযোগত লিখা এখন গৱেষণা পত্ৰত । কাৰেন্ট ছায়েন্স নামৰ বাৰ্তালোচনীখনত প্ৰকাশ পোৱা মতে চন্দ্ৰৰ ২৯ ডিগ্ৰী উত্তৰ আৰু ৬২ ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজত সৰ্বাধিক পানী থকাৰ তথ্য পোহৰলৈ আহিছে । উল্লেখ্য যে চন্দ্ৰযান-২ ৰ ভিতৰত ইমেজিং ইনফ্ৰাৰেড স্পেক্ট্ৰ’মিটাৰ নামৰ এবিধ সঁজুলিও মজুত আছে । ১০০ কিল’মিটাৰৰ এক ধ্ৰুৱীয় কক্ষপথত স্থাপন কৰা যান খনে মিশ্ৰিত নোহোৱা অৱস্থাত বৃহৎ পৰিমানৰ হাইড্ৰক্সিল আৰু পানীৰ অণু থকাৰ তথ্য লাভ কৰে ।