পল্লৱী গগৈ
২৪ আগষ্ট,আফগানিস্তানঃ তালিবানে কৰা অনুৰোধৰ পাছতে আফগানিস্তানলৈ পুনৰ তেল আৰু পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ সৰবৰাহ কৰিছে ইৰাণে।ইৰাণে যুদ্ধবিধ্বস্ত দেশখনলৈ তেলৰ ৰপ্তানি বন্ধ কৰি দিয়াৰ পাছতে আফগানিস্তানত তেলৰ ব্যাপক মূল্যবৃদ্ধি হয় যাৰ বাবে তালিবানে ইৰাণক তেলৰ ৰপ্তানি পুনৰ আৰম্ভ কৰাৰ বাবে আহ্বান জনায়।লগতে দেশখনলৈ তেলৰ যোগানৰ ক্ষেত্ৰত লগোৱা শুক্ল ৭০ শতাংশ হ্ৰাস কৰাৰ বাবেও আহ্বান জনায়।