বাৰামতী বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ

Share

২৮ জানুৱাৰীৰ পুৱা বাৰামতীত হোৱা এক বিমান দুৰ্ঘটনাত মৃত্যু হয় মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্রী অজিত পাৱাৰৰ। এই দুৰ্ঘটনাৰ দেশৰ কেইবাখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সামাজিক মাধ্যমেযোগে শোঁক প্ৰকাশ কৰিছে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু কিঞ্জাৰাপুৱে বুধবাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে বাৰামতীত সংঘটিত বিমান দুৰ্ঘটনাৰ স্বচ্ছ তদন্ত কৰিব। উল্লেখ্য যে দুৰ্ঘটনাগ্ৰস্ত বিমানখন উপ মুখ্যমন্ত্রী অজিত পাৱাৰৰ। এই দুৰ্ঘটনাত অজিত পাৱাৰৰ লগতে ২ জন জোৱান আৰু ২ জন ক্ৰু সদস্যৰ মৃত্যু হয়।

সামাজিক মাধ্যম ‘এক্স’ৰ পোষ্টত কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু কিঞ্জাৰাপুৱে এই দুৰ্ঘটনা আৰু পাৱাৰৰ মৃত্যুক লৈ গভীৰ দুখ প্ৰকাশ কৰি লিখিছে, “আজি পুৱা বাৰামতীত সংঘটিত বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ কৰুণ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ পৰিয়াল, আপোনজন আৰু এই দুৰ্ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলোলৈকে মোৰ আন্তৰিক সমবেদনা। জনজীৱনলৈ তেখেতৰ অৱদান স্মৰণীয় হওক আৰু এই কঠিন সময়ত শোকসন্তপ্ত লোকসকলে শক্তি লাভ কৰক।” 

নাইডুৱে কয় যে “প্ৰাথমিক তথ্য অনুসৰি পুৱা প্ৰায় ৮.৪৮ বজাত অৱতৰণৰ সময়ত দৃশ্যমানতা কম আছিল। অৱতৰণৰ পূৰ্বে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লে বিমানখনৰ পাইলটক সুধিছিল যে ৰাণৱেটো দৃষ্টিগোচৰ হৈছেনে নাই, আৰু তেওঁ নিশ্চিত কৰিছিল যে হোৱা নাই। এটা পাক ঘূৰাৰ পিছত বিমানখন পুনৰ অৱতৰণৰ বাবে আহে আৰু পাইলটক পুনৰ সোধা হয় যে অৱতৰণৰ বাবে ৰাণৱেটো দৃশ্যমান হৈছেনে নাই। পাইলটে ৰাণৱেৰ দৃশ্যমানতা নিশ্চিত কৰে। এ টি চিয়ে অৱতৰণৰ বাবে সেউজ সংকেট দিয়াৰ পিছত দুৰ্ঘটনাটো সংঘটিত হয়।” 

নাইডুৱে আৰু কয় যে “এই দুৰ্ঘটনাটোৰ Aircraft Accident Investigation Bureau য়ে তদন্ত কৰিব। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ লোকসকলৰ সৈত AAIB ৰ এজন বিষয়াও দুৰ্ঘটনাস্থলীত আছে। ২০২৩ চনত ভি এছ আৰ এভিয়েচনৰ এখন বিমান দুৰ্ঘটনা সংঘটিত হোৱাটোও তদন্তৰ আওতালৈ অনা হ’ব।” 

Leave a Reply

Your email address will not be published. Required fields are marked *