আজি ১ মে’। শ্ৰমিক দিৱস। সমগ্ৰ বিশ্বজুৰি প্ৰতিবছৰেই আজিৰ দিনটো শ্ৰমিক দিৱস হিচাপে উদযাপন কৰা হয়। ভাৰতত প্ৰথম মে’ দিৱস পালন কৰা হৈছিল ১ মে’, ১৯২৩ চনত। “হিন্দুস্তান লেবাৰ কিষাণ পাৰ্টী” নামৰ এটা শ্ৰমিক সংগঠনে ভাৰতত প্ৰথমে মে’ দিৱসৰ আয়োজন কৰিছিল। আজি সমগ্ৰ বিশ্বতে ভিন্ন ধৰণেৰে মে’ দিৱস পালন কৰা হয়। বিশ্বৰ ৮০খন দেশত আজিৰ দিনটোক চৰকাৰী বন্ধ দিন হিচাপে ঘোষণা কৰা হয়।
১৮৮৬ চনৰ ১ মে’ত আমেৰিকাৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰম দিনৰ দাবীত ৰাজপথত নামিছিল এদল খাটি খোৱা মানুহ। সেই সমদলত গুলীচালনা কৰিছিল আৰক্ষীয়ে। শ্বহীদ হৈছিল ১১ জন শ্ৰমিকৰ। তেতিয়াৰে পৰা এই দিনটো শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তাৰিখ হিচাপে বিবেচিত হয়। বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ঐতিহাসিক শ্ৰমিক আন্দোলন, শ্ৰমিক সকলৰ কষ্ট, ত্যাগৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আৰু শ্ৰমিকৰ সুৰক্ষা, সমমৰ্যাদা, অধিকাৰৰ বাবে কৰা এক দীঘলীয়া সংগ্ৰামৰ স্মৰণ আৰু এই সংগ্ৰামখন আগুৱাই লৈ যোৱাৰ বাবেহে আজিৰ দিনটো উদযাপন কৰা হয় ।
উল্লেখযোগ্য যে, কানাডা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত ছেপ্টেম্বৰ মাহৰ প্ৰথম সোমবাৰে শ্ৰমিক দিৱস পালন কৰা হয়।