উপাসনা ডেকা
১১ আগষ্টঃ ৰাজ্যত ক’ৰণাৰ ভয়াবহতা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে আৰু পৰিস্থিতিসমূহো উন্নত হ’ব ধৰিছে।সেয়েহে ৰাজ্য চৰকাৰে অহা ১৫ আগষ্টৰ পৰা দোকান- পোহাৰসমূহ সন্ধিয়া ছয় বজালৈকে খোলাৰ অনুমতি দিয়াৰ লগতে যুগ্ম-অযুগ্ম ৱ্যবস্থাৰে আন্তঃজিলাৰ যাতায়ত সমূহ আৰম্ভ কৰাৰ ব্যৱস্থা কৰিছে।ইয়াৰ উপৰি ৰাজ্যত ক’ৰণাৰ সংক্ৰমণৰ হাৰ যদি ৫০০লৈ হ্ৰাস হয় আৰু ডেৰ কোটি লোকক ভেকচিন প্ৰদানৰ ব্যৱস্থা হয় তেন্তে ১ চেপ্তেম্বৰৰ পৰা চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ হেতুকে শিক্ষানুষ্ঠানসমূহৰ পাঠদান আৰম্ভ হোৱাৰ বিষয়ে চিন্তা কৰিছে।এই বিষয়ে পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখিহে সিদ্ধান্ত গ্ৰহন কৰিব বুলি ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিয়ে।