যোৱা ৮ ডিচেম্বৰ বৃহস্পতিবাৰৰ পৰা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা ২৮ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাত অংশ লৈ সোণৰ পদক অৰ্জনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ডিব্ৰুগড় জিলাৰ মৰাণৰ ৯৫ বছৰীয়া ইন্দ্ৰেশ্বৰ দিহিঙীয়াই ।
উল্লেখ্যনীয় যে, এইবাৰ সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছত অংশগ্ৰহণ কৰিছে ৩৪ খন ৰাজ্যৰ ১৪২৯ গৰাকী প্ৰবীণ ক্ৰীড়াবিদে। ৮১৩ গৰাকী পুৰুষ আৰু ৬১৬ গৰাকী মহিলা প্ৰবীণ ক্ৰীড়াবিদে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰত ইন্দেশ্বৰ দিহিঙীয়া প্ৰথম স্থান লাভ কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে ২০০ আৰু ৪০০ মিটাৰ দৌৰতো দুৰন্ত মনেৰে অংশগ্ৰহণ কৰি দুটা দিনত ৩টাকৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।
ইতিমধ্যে বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰি দেশ-বিদেশ ভ্ৰমণ কৰা প্ৰবীণ ক্ৰীড়াবিদ ইন্দ্ৰেশ্বৰ দিহিঙীয়াৰ শাৰীৰিক সক্ষমতাই আজি প্ৰমাণ কৰি দেখুৱাইছে । সমান্তৰালভাৱে যুৱ প্ৰজন্মৰ বাবেও শাৰীৰিক ফিটনেছৰ নিদৰ্শন দাঙি ধৰিছে ইন্দ্ৰেশ্বৰ দিহিঙীয়া ।