আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে পৰিগণিত হ’ল ইন্দোৰ

Share

সুপ্রিয়া তৰফদাৰ

ইন্দোৰ,১২ আগষ্ট :দেশৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে চিহ্নিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰ। পূৰ্বেও দেশৰ সৰ্বাধিক পৰিষ্কাৰ চহৰ হিচাপে চিহ্নিত হৈ আছিল ইন্দোৰ। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে ‘স্বচ্ছ সৰ্বেক্ষণ-২০২১’ ৰ অধীনত ইন্দোৰক এই স্বীকৃতি প্ৰদান কৰা হৈছে।

    সমান্তৰালভাৱে ইন্দোৰ দেশৰ প্ৰথমখন ‘ৱাটাৰ প্লাছ’ চহৰ হিচাপে চিহ্নিত হৈছে।চহৰৰ বিভিন্ন স্থানৰ পৰা নিষ্কাষণ হোৱা প্ৰদূষিত পানী পৰিশোধন ব্যৱস্থা কৰাকে ‘ৱাটাৰ প্লাছ’ বুলি কোৱা হয়। চহৰ এখনৰ নদী, নলা আদি পৰিষ্কাৰ কৰি ৰখাৰ বাবে এখন চহৰক ৱাটাৰ প্লাছ চহৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। ইন্দোৰ চহৰৰ ঘৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান, ৰাজহুৱা অনুষ্ঠান আদিৰ লেতেৰা পানী পৰিশোধন কৰি মুকলিকৈ এৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে ইন্দোৰক প্ৰদান কৰিছে এই স্বীকৃতি।

Leave a Reply

Your email address will not be published. Required fields are marked *