ইণ্ডোনেছিয়াত সেনা আৰক্ষীৰ পৰীক্ষাৰ বাবে মহিলাসকলে দিবলগীয়া হয় সতীত্বৰ পৰীক্ষা

Share

বনিতা বড়ো

জাকাৰ্টা, ১১ আগষ্টঃ বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত থকা ইণ্ডোনেছিয়াত সেনা আৰক্ষীৰ চাকৰিৰ বাবে মহিলাসকলে দিবলগীয়া হয় সতীত্বৰ পৰীক্ষা। বিশ্বৰ ভিতৰতে অন্যতম দ্বীপৰাষ্ট্ৰ ইণ্ডোনেছিয়াৰ বিগত ৫ দশক ধৰি বলবৎ হৈ থকা এই নিয়মে মহিলাসকলক অতিষ্ঠ কৰি আহিছে ।১৯৬৫ চনৰ পৰা মহিলাসকলৰ ওপৰত কৰা এই অবৈজ্ঞানিক পৰীক্ষা টু ফিংগাৰ টেষ্ট নামেৰে পৰিচিত ।

অবৈজ্ঞানিকভাবে কৰা এই পৰীক্ষাই মহিলাসকলক মানসিকভাবে অতিষ্ঠ কৰি তোলাৰ উপৰিও স্বাস্থ্যৰো বহু পৰিমাণে ক্ষতি কৰে। মহিলাসকলৰ হাইমেন পৰ্দা সুৰক্ষিত আছে নে নাই সেয়া পৰীক্ষা কৰাটো অতি আৱশ্যক ।

লক্ষণীয়ভাবে,পুৰুষৰ লগত মহিলাই যৌন সম্পৰ্ক স্হাপনৰ ফলত মহিলাৰ এই পৰ্দা ফাটি যায় । পৰ্দা থিকে থাকে নাথাকিলে আৰক্ষীৰ সতীত্বৰ পৰীক্ষাত মহিলাসকল বিফল হয় আৰু সেনা আৰক্ষীত যোগদানৰ পৰা বঞ্চিত হবলগা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *