যুদ্ধবিধ্বস্ত ইউক্ৰেইন । ইউক্ৰেইনৰ চৌপাশে মাথোঁ ধোৱা-কুৱা পৰিবেশ বিৰাজমান । সমস্ত ইউক্ৰেইনতে ৰুছ সেনাই চলাইছে বিধ্বংসী তাণ্ডব। দৈনন্দিন ইউক্ৰেইনৰ পৰিবেশ আৰু পৰিস্থিতি অধিক শোচনিয় হৈ পৰিছে । ইউক্ৰেইনত এতিয়া বিদ্যুৎ, খাদ্য আৰু পানীৰ অভাৱত বাংকাৰতে আবদ্ধ হৈ বহু জনে দুৰ্ভিসহ জীৱন নিৰ্বাহ কৰিছে । এতিয়াও বহু সংখ্যক ভাৰতীয় লোক আৰু ভাৰতীয় শিক্ষাৰ্থীসকল আবদ্ধ হৈ আছে ইউক্ৰেইনৰ বিভিন্ন প্ৰান্তৰ লগতে ইউক্ৰেইনৰ ছুমিত ।
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা হাংগেৰীৰ মাজেৰে ভাৰতীয় শিক্ষাৰ্থীসকলক উভতাই অনাৰ কাম ইতিমধ্যে সমাপ্ত হৈছে বুলি বিদেশ মন্ত্ৰালয়ে ইঙ্গীত দিলে । হাংগেৰীৰ মাজেৰে ভাৰতীয় শিক্ষাৰ্থীক সুৰক্ষা প্ৰদান কৰি উদ্ধাৰকাৰ্য সমাপ্ত কৰিছে বুলি জানিবলৈ দিয়ে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে । অভিযোগ অনুসৰি এতিয়াও বৃহৎ সংখ্যাক লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ভাৰত চৰকাৰ । পৰ্যাপ্ত পৰিমাণে সহায় প্ৰদান কৰাত বিফল হৈছে ভাৰতীয় দূতাবাস ।