আমেৰিকাৰ শুল্কৰ প্ৰভাৱত ভুগিছে ভাৰতৰ অৰ্থনীতি ৯০.৭৮ হ’লগৈ এক ডলাৰত

Share

আমেৰিকাৰ নতুন শুল্কনীতিৰ প্ৰভাৱত ভাৰতীয় অৰ্থনীতিৰ ওপৰত চাপ বৃদ্ধি  পাইছে: আন্তৰাষ্ট্ৰীয় বজাৰত অস্থিৰতাৰ মাজতে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মান কমি প্ৰায় এক ডলাৰত ৯০.৭৮ টকালৈ হৈছে। অৰ্থনীতিবিদসকলৰ মতে আমেৰিকাই আমদানি সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি কৰাৰ ফলত বৈদেশিক বাণিজ্যত অনিশ্চয়তা সৃষ্টি হৈছে যাৰ প্ৰভাৱ পৰিছে  উদিয়মান অৰ্থনীতি সমুহত।আমেৰিকাৰ অৰ্থনীতি তুলনামুলকভাৱে শক্তিশালী হৈ থকাৰ লগতে ফেডাৰেল ৰিজাৰ্ভত কঠোৰ মুদ্ৰানীতিৰ বাবে ডলাৰৰ চাহিদা বৃদ্ধি পাইছে।ইয়াৰ ফলস্বৰুপে ভাৰতীয় টকাৰ মান কমি গৈছে।ডলাৰৰ বিপৰীতে টকাৰ এই পতনে আমদানি ব্যয় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

এইফালে আন্ত:ৰাষ্ট্ৰীয় অৰ্থনৈতিক অস্থিৰতাৰ প্ৰভাৱত দেশত সোণৰ মুল্য দ্ৰুত গতিত বৃদ্ধি পাইছে, ডলাৰৰ শক্তিশলী অৱস্থাৰ লগতে  বৈশ্বিক অনিশ্চয়তাৰ বাবে বিনিয়োগকাৰী সকলে  সোণক সুৰক্ষিত  বিনিয়োগ হিচাপে বাছি লোৱাত বজাৰত সোণৰ মুল্য বৃদ্ধি পাইছে ২৪ কেৰেটৰ প্ৰতি ১০গ্ৰাম সোণৰ মুল্য ১.৩৫লাখ টকা। আৰু এই বৃদ্ধিৰ ফলত ক্ৰেতা সকল চিন্তিত হৈ পৰিছে।অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে,যদি এই শুল্ক নীতি দীঘলীয়া সময়লৈ অব্যাহত থাকে, তেন্তে ইয়াৰ প্ৰভাৱ ভাৰতীয় বজাৰ,মুদ্ৰাস্ফীতি আৰু সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত অধিক প্ৰভাৱ পৰিব পাৰে।

বৰ্তমান পৰিস্থিতিত চৰকাৰৰ আৰু নীতিনিৰ্ধাৰকসকলে আমেৰিকাৰ সৈতে বাণিজ্যিক আলোচনাৰ জৰিয়তে সমাধান সূত্ৰ বিছাৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *