প্ৰতিদ্বন্দ্বী পাকিস্তানক ২২৮ ৰানত পৰাস্ত কৰি এছিয়া কাপ ছুপাৰ ৪ ৰাউণ্ডত প্ৰৱেশ কৰে ভাৰতে

Share

 শ্ৰীলংকাত অনুষ্ঠিত এদিনীয়া  ক্ৰিকেট মেচত ভাৰতবৰ্ষই ইতিহাস ৰচিবলৈ সক্ষম হয়। বিৰাট কোহলী আৰু কে এল ৰাহুলৰ বিস্ফোৰক শতকীয় ইনিংছ আৰু কুলদীপ যাদৱৰ দৰ্শনীয় বলিঙত বিধ্বস্ত হ’ল পাকিস্তান।

ভাৰতৰ হাতত পাকিস্তানে ২২৮ ৰানত পৰাজয়বৰণ কৰিবলগীয়া হয়। পাকিস্তানক ২২৮ ৰানত পৰাস্ত কৰি এছিয়া কাপ ছুপাৰ ৪ ৰাউণ্ডত প্ৰৱেশ কৰে ভাৰতে। ২৫ ৰানৰ বিনিময়ত ৫ টা উইকেট দখল কৰা কুলদীপ যাদৱে খেলত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। বুমৰাহ, পাণ্ডিয়া আৰু ছাৰদুলে লাভ কৰে ১টাকৈ উইকেট।

ভাৰতৰ এই জয় এদিনীয়া ক্ৰিকেটৰ ইতিহাসত অন্যতম বুলি গণ্য কৰা হৈছে। বিৰাট কোহলিয়ে ৯৪ বলত ১২২, কে এল ৰাহুলে ১০৬ বলত ১১১, শুভমন গিলে ৫২ বলত ৫৮, ৰোহিত শৰ্মাই ৪৯ বলত ৫৬ ৰান কৰি ভাৰতত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। দুৰ্দান্ত প্ৰদৰ্শনেৰে এছিয়া কাপৰ ছুপাৰ-৪ৰ মেচত পাকিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিলে ভাৰতে।

আনহাতে এইখন মেচতে বিৰাট কোহলিয়ে শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে। বিৰাট কোহলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৩০০০ ৰান সংগ্ৰহ কৰি দ্ৰুততম খেলুৱৈ হিচাপে পৰিগণিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *