তৃষ্ণা কলিতা
১২ আগষ্ট, বেংগালুৰু : সফলতাৰে উৎক্ষেপনৰ প্ৰক্ৰিয়া সম্পন্নৰ পিছত বিফল হ’ল ISRO উপগ্ৰহ মিছন ।শ্ৰী হৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা আজি পুৱা ৫:৪৩ বজাত সফলভাৱে উৎক্ষেপন কৰা হৈছিল EOS-03 উপগ্ৰহটো ।পৃথিৱীৰ ওপৰত দৃষ্টি ৰখাৰ উদ্দেশ্যৰে প্ৰেৰণ কৰা হৈছিল উপগ্ৰহটো। ক্ৰায়’জেনিক ইঞ্জিনত কাৰিকৰী বিজুতিৰ বাবে বিফল হ’ল EOS – 03 উপগ্ৰহৰ উৎক্ষেপন প্ৰক্ৰিয়া । অভিযানটো আংশিক ভাৱে বিফল হোৱা বুলি ঘোষণা কৰিলে ISRO কতৃপক্ষই ।