ভাৰতীয় জাতীয় পতাকা

Share

তৃষ্ণা দাস

১৯৪৭ চনত ২২ জুলাইত আজিৰ দিনটোত গণৰাজ্যৰ অধিবেশনত ভাৰতীয় জাতীয় পতাকা খনক চৰকাৰী পতাকা হিচাপে গৃহীত কৰা হৈছিল। এই পতাকা খন চৌব্বিশ ডাল দণ্ডযুক্তু নীলা অশোক চক্ৰ সহ গেৰুৱা বগা আৰু সেউজীয়া আনুভূমিক আয়তকাৰ ত্ৰিবৰ্ণৰঞ্জিত পতাকা। ভাৰতত এই পতাকা খনক “ত্ৰিৰঙ্গ” বা “ত্ৰিবৰ্ণৰঞ্জিত পতাকা বুলি হয়। পিঙ্গালি ভেঙ্কাইয়াৰ দ্বাৰা অংকিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ “স্বৰাজ” পতাকাৰ ভিত্তিতে এই পতাকা খন প্ৰস্তুত কৰা হৈছিল। ভাৰতীয় পতাকাবিধি আৰু জাতীয় প্ৰতীকা দি সংক্ৰান্ত অন্যান্য আইন অনুসৰি নিয়ন্ত্ৰিত হয়। পুৰণি বিধি অনুযায়ী স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস সহ অন্যান্য জাতীয় দিৱসৰ বাদে সাধাৰণ নাগৰিকে পতাকা উত্তোলন কৰিব নোৱাৰে। সেয়ে শিল্পপতি নবীন জিন্দালে পতাকা বধি ভঙ্গ কৰি তেওঁৰ কাৰ্যালয় ভৱনৰ শীৰ্ষত জাতীয় পতাকা খন বাজেয়াপ্ত কৰা হয়। আৰু দিল্লীৰ উচ্চতম ন্যায়ালয়ৰ এখন জনস্বাৰ্থ মামলা দাখিল কৰে। তাত তেওঁ কয় যে- জাতীয় পতাকা খন উত্তোলনত নাগৰিকৰ অধিকাৰত পৰে ; কাৰণ এই দেশৰ প্ৰতি তেওঁৰ ভালপোৱা ব্যক্ত কৰায়। সেয়ে দিল্লীৰ উচ্চতম ন্যায়ালয়ে সৰ্বোচ্চ আদালতে ভাৰত চৰকাৰক এই বিষয়টো পৰ্যালোচনা বাবে এখন কমিটী স্থাপনৰ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় কেবিনেটে জাতীয় পতাকাবিধি সংস্কাৰ কৰে আৰু ২০০২ চনৰ ২৬ জানুৱাৰীৰ পৰা সংশোধিত বিধি আৰম্ভ হয়। এই নতুন পতাকাবিধি অনুযায়ী মৰ্যদা, গৌৰৱ আৰু সন্মান অক্ষুণ্ণ ৰাখি যি কোনো নাগৰিকে বছৰৰ যি কোনো দিনতেই জাতীয় পতাকা উত্তোলন কৰিব পাৰে। ভাৰতীয় আইন অনুসৰি জাতীয় পতাকা ব্যৱহাৰ মৰ্যদা আনুগত্য আৰু সন্মান সহকাৰে হোৱা উচিত।

Leave a Reply

Your email address will not be published. Required fields are marked *