গুৰুতৰভাৱে অসুস্থ ভাৰতীয় ক্ৰিকেটাৰ মায়ংক আগৰৱালা

Share

ক্ৰিকেট অনুৰাগীসকলৰ বাবে এক দুখবৰ। ভাৰতীয় ক্ৰিকেট দলৰ মায়ংক আগৰৱালা বৰ্তমান অসুস্থ। আগৰতলাৰ পৰা কৰ্ণাটকলৈ উভতি গৈ থকা অৱস্থাতে অসুস্থ হৈ পৰে ময়াংক আগৰৱালা। আগৰতলাত ৰঞ্জী ট্ৰফী খেলিবলৈ গৈছিল ভাৰতীয় খেলৱৈ গৰাকীয়ে ৷ হঠাৎ বিমানত অসুস্থ হোৱাত আগৰতলাৰ এখন ব্যক্তিগত আই এল এছ নামৰ চিকিৎসালয়ৰ আই চি ইউ লৈ প্ৰেৰণ কৰে মায়ংক আগৰৱালক । জানিব পৰা মতে পানী বুলি বিষাক্ত পনীয় খোৱা গৈছিল খেলুৱৈ গৰাকীৰ। তাৰ পিছতে ডিঙি আৰু মুখণ্ডলত এছিডৰ দৰে পুৰা অনুভৱ কৰিছিল ভাৰতীয় ক্ৰিকেটাৰ  মায়ংক আগৰৱালে ৷ লগে লগে মুখমণ্ডল ফুলিছিল আৰু কথা ক’ব নোৱাৰা হৈ অসুস্থ হৈছিল মায়ংক আগৰৱাল।

পিছত বিমানৰ কৰ্তৃপক্ষক অৱগত কৰাত আগৰতলাৰ এখন আই এল এছ নামৰ চিকিৎসালয়ত ভৰ্তি কৰে ক্ৰিকেটাৰ গৰাকীক। ভাৰতীয় দলৰ হৈ কেইবাখনো টেষ্ট মেছ খেলিছিল আগৰৱালে৷ লগতে তেওঁ এদিনীয়াতো দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল। ইয়াৰ লগতে ২১ খন টেষ্ট মেছ আৰু ৫ খন এদিনীয়া খেলিছিল মায়ংক আগৰৱালে। মায়ংক আগৰৱাল আছিল এজন বৰ্তমানৰ আই পি এল ত ছানৰাইৰ্জছ হায়দৰাবাদৰ খেলুৱৈ। লগতে ৰঞ্জী ট্ৰফীত ২০২৩ -২৪ বৰ্ষৰ কৰ্ণাটক দলৰ অধিনায়ক আছিল মায়ংক আগৰৱাল৷ চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনোৱাৰ মতে বৰ্তমান তেওঁৰ আই চি ইউ ত চিকিৎসা অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *