আজি মহানগৰীৰ মা কামাখ্যা মন্দিৰত ভিৰ অগণন অনুৰাগীৰ প্ৰিয় ক্ৰিকেতাৰ গৌতম গম্ভীৰক এবাৰ ওচৰৰ পৰা চাবলৈ হেতা-ওপৰা লাগিল অনুৰাগীৰ । কটকটীয়া নিৰাপত্তাৰ মাজেৰে মা কামাখ্যা মন্দিৰত উপস্থিত হয় মাক দৰ্শন কৰে ক্ৰিকেতাৰ গম্ভীৰে ।
ACA ষ্টেডিয়ামত অনুস্থিত হ’বলগীয়া টেষ্ট মেষ্টৰ বাবে যোৱা বুধবাৰে গুৱাহাটীত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দল লগতে উপস্থিত হৈ দক্ষিণ আফ্ৰিকাৰ টেষ্ট ক্ৰিকেট দলৰ খেলুৱৈসকল । মহানগৰীৰ ৰেডিচন ব্লু হোটেলত নিশা কটাই দুয়োটা ক্ৰিকেট দলে ।
অহা ২২ নম্বেৰৰ পৰা বৰ্ষাপাৰাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট খেলিব ভাৰতীয় ক্ৰিকেট দলে । সেয়ে অনুষ্ঠিত হব লগীয়া টেষ্টত যাতে ভাৰতীয় দলে ভাল প্ৰদৰ্শন দেখুৱাব পাৰে তাৰ কামনাৰে মাক দৰ্শন কৰে ক্ৰিকেতাৰ গৌতম গম্ভীৰে ।