ভাৰতীয় বায়ু সেনা সাজু হৈছে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাৱৰ বাবে। ৯ নৱেম্বৰত মহানগৰীৰ লাচিত ঘাটত হ’ব ভাৰতীয় বায়ু সেনাৰ বিশেষ এয়াৰ শ্ব’।ভাৰতীয় বায়ু সেনাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিছে এই বিশেষ অনুষ্ঠান। ইতিমধ্যে বায়ু সেনাৰ প্ৰস্তুতি চলি আছে। প্ৰতি দিনাই মহানগৰীৰ আকাশত উৰিছে ছূখয়, ৰাফেল,মিৰাজ,তেজছ বিমান।
হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰিয় গীত ‘’মায়াবিনী’’ বাজিব আকাশমাৰ্গত লগতে কৰা হ’ব পুষ্পবৃষ্টি।ভাৰতীয় বায়ু সেনাই অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব’ৰ প্ৰস্তুতি চাবলৈ লাচিত ঘাটত ভিৰ কৰিছে বহু লোকে।যোৱা ৪ নৱেম্বৰৰ পৰা চলি আছে প্ৰস্তুতি। ৯ নৱেম্বৰত অসমবাসী সাক্ষী হৈ ৰ’ব এক বিৰল দৃশ্যৰ।