ভাৰতৰ মাটিত অনুষ্ঠিত হৈ থকা ভাৰত দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া শৃংখলাত প্ৰথম খন খেলত ভাৰত পৰাস্ত হয় যদিও দ্বিতীয় আৰু তৃতীয় খনত বলাৰ আৰু বেটছমেনৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ফলত ভাৰতে শৃংখলা লাভ কৰে ।
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ তৃতীয় খন খেলত বলাৰৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ফলত আলহী দলটোৱে ৯৯ ৰাণতে ইনিংছ সমাপ্ত কৰে।
টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্বান্ত লৈছিল ভাৰতীয় দলটোৱে । ভাৰতীয় দলটোৱে ২৭.১ অভাৰতে গোটেইকেইটা উইকেট হেৰুৱাই ৯৯ ৰাণ সংগ্ৰহ কৰে ।
ভাৰতীয় শৃংখলাৰ ভাৰতীয় দলটোৰ অধিনায়ক শেখৰ ধাৱানে ক্ৰিজত নামে যদিও পুণৰ বাৰ ব্যৰ্থ হয় । ধাৱানৰ বেটৰ পৰা আহে মাত্ৰ ৮ ৰাণ । শুভমন গিলে ৫৭ টা বলত সংগ্ৰহ কৰে ৪৯ ৰাণ । শ্ৰেয়াছ আয়াৰৰ বেটৰ পৰা আহে ২৮ ৰাণ ।