ভাৰতত অনুষ্ঠিত হ’ব অলিম্পিক

Share

২০৩৬ চনত অলিম্পিক আয়োজন কৰিব বিচাৰিছে ভাৰতে । ভাৰতত ১৪ বছৰৰ পাছত অলিম্পিক আয়োজন কৰিব বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ সিং ঠাকুৰে । বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখন আয়োজনৰ বাবে ভাৰতে ইতিমধ্যে ৰোডমেপো প্ৰস্তুত কৰিছে । ২০২৩ চনৰ ছেপ্তেম্বৰত মুম্বাইত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বৈঠকত ভাৰতীয় অলিম্পিক সন্থাই নিজৰ পৰিকল্পনা দাঙি ধৰিব । ভাৰতীয় অলিম্পিক সন্থাই ২০৩৬ ৰ অলিম্পিক আহমেদাবাদত আয়োজন কৰিব বিছাৰে কিয়নো আহমেদাবাদত সকলো ধৰণৰ খেল আয়োজন কৰাৰ সুবিধা আছে । উল্লেখযোগ্য় যে ভাৰতে ইতিমধ্য়ে ১৯৮২ চনত এছিয়ান গেমছ আৰু ২০১০ চনত কমনৱেলথ গেমছ আয়োজন কৰিছে । কিন্তু অলিম্পিক আয়োজনৰ দায়িত্ব এতিয়ালৈকে লাভ কৰা নাই । ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ দ্বায়িত্ব ভাৰতে লাভ কৰিব বুলি আশাবাদী কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *