ভাৰতে চেৰ পেলাব চীনক, বিশ্বৰ আটাইতকৈ বেছি জনবহুল দেশ হ’ব ভাৰত

Share

গুৱাহাটী, ১২ জুলাইঃ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা প্ৰতিবেদন মতে ২০২৩ ত বিশ্বৰ বেছি জনবহুল দেশ হ’ব ভাৰত। চীনক চেৰ পেলাব ভাৰতে। বৰ্তমান ভাৰতৰ জনসংখ্যা ১.৪১২ বিলিয়ন, আৰু চীনৰ ১.৪২৬ বিলিয়ন। প্ৰতিবেদনখনৰ এই বছৰৰ নৱেম্বৰ মাহত বিশ্বৰ জনসংখ্যা ৮ বিলিয়ন হ’ব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে। ১৯৫০ চনৰ পাছৰ পৰা বিশ্ব জনসংখ্যা বৃদ্ধি হাৰ সৰ্বনিম্ন হৈছে। ২০২০ চনত জনসংখ্যা বৃদ্ধি হাৰ ১ শতাংশ কমে। ২০২৩ চনত অতি জনবহুল দেশ হিচাপে ভাৰতে চীনক চেৰ পেলাব । দুয়োখন দেশত বৰ্তমান  জনসংখ্যা ১.৪ বিলিয়নতকৈ বেছি। ৰাষ্ট্ৰসংঘৰ মতে ২০৩০ চনত বিশ্বৰ জনসংখ্যা প্ৰায় ৮.৫ বিলিয়ন আৰু ২০৫০ চনত ৯.৭ বিলিয়নলৈ বাঢ়িব পাৰে। ২০৫০ চনত ভিতৰত ভাৰতৰ জনসংখ্যা ১.৬৬৮ বিলিয়ন আৰু চীনৰ ১.৩১৭ হ’ব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *