ভাৰতৰ সেনাবাহিনী বিশ্বৰ ভিতৰত সদাই এক অন্যতম থাকে। ২০২৩ বৰ্ষত সামৰিক শক্তিৰ দিশত বিশ্বৰ ভিতৰত চতুৰ্থ স্থানত ভাৰতবৰ্ষ। বিশ্বৰ প্ৰতিৰক্ষা সম্পৰ্কীয় দিশসমূহৰ ওপৰত লক্ষ্য ৰাখি অহা গ্ল’ৱেল ফায়াৰ পাৱাৰ নামৰ ৱেবছাইটৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদনত এই তথ্য প্ৰকাশ পায়।
উল্লেখ্য যে , গ্ল’ৱেল ফায়াৰ পাৱাৰৰ প্ৰতিবেদন অনুসৰি প্ৰথম স্থানত আমেৰিকা দ্বিতীয় স্থানত ৰাছিয়া আৰু তৃতীয় স্থানত চীনে লাভ কৰে । সমান্তৰালকৈ ২০২৩ বৰ্ষৰ শীৰ্ষক প্ৰতিবেদনত নিশকতীয়া দেশ হিচাপে ভূটান আৰু আইচলেণ্ড। তালিকাখন সেনাৰ সংখ্যা আৰু অৰ্থনৈতিক অৱস্থাক লৈ প্ৰস্তুত কৰা হৈছে।
এই তালিকাখনত বিশ্বৰ ১৪৫ খন দেশৰ সামৰিক বাহিনীৰ তথ্য উল্লেখ কৰা হৈছে।