১৯ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব ইণ্ডিয়া মৰ্চাৰ বৈঠক

Share

গুৱাহাটী,১১ ডিচেম্বৰঃ বহু প্ৰত্যাশাৰ অন্তত অনুষ্ঠিত হ’ব দেশৰ বিৰোধী ঐক্যবদ্ধ দল ইণ্ডিয়া মৰ্চাৰ বৈঠকখন।অহা ১৯ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব ইণ্ডিয়া মৰ্চাৰ বৈঠক খন।২০২৪ৰ লোকসভাৰ আসনক লৈয়ে প্ৰথম পৰ্যায়ত আলোচনা কৰিব ইণ্ডিয়া মৰ্চাৰ দলসমুহে।ইণ্ডিয়া মৰ্চাৰ বৈঠকত অংশগ্ৰহণ কৰিব নীতিশ কুমাৰ,লালুপ্ৰসাদ যাদৱ,অৰবিন্দ কেজিৰৱাল,সীতাৰাম য়েচুৰীয়ে।

উল্লেখ্য যে মমতা বেনাৰ্জীয়ে ইণ্ডিয়া মৰ্চাৰ বৈঠকৰ সময়তে দিল্লীত সাক্ষা९ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।বিৰোধীৰ শিবিৰ তনকিয়াল কৰাৰ
লক্ষ্যৰে সাজু হৈছে ইণ্ডিয়া মৰ্চা।শেহতীয়াকৈ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে একক ভাৱে প্ৰচাৰ চলায় ব্যৰ্থ হৈছে সেয়া উপলব্ধি কৰিছে।কংগ্ৰেছে বিধান সভাৰ নিৰ্বাচনত সমাজবাদী পাৰ্টীক একাষৰীয়া কৰাত সমাজবাদী পাৰ্টীৰ নেতা অখিলেখ যাদৱে ইণ্ডিয়া বৈঠকত অংশগ্ৰহণ কৰিব নাই সেয়া নিশ্চিত হোৱা নাই।অহা লোকসভা নিৰ্বাচনত আসন বুজাবুজিক লৈ আলোচনাত বহিব বিৰোধী ঐক্যবদ্ধ দল ইণ্ডিয়া মৰ্চা।

Leave a Reply

Your email address will not be published. Required fields are marked *