পল্লৱী গগৈ, ৬ অক্টোবৰঃ দেশত হ’ব পাৰে ভয়াবহ ল’ড শ্বেডিং এইবুলি সতৰ্কবাণী কৰা হৈছে। আগন্তুক ৪ দিনত বিদ্যুতৰ সংকটত ভুগিব পাৰে দেশবাসী।যিহেতু দেশত মাত্ৰ ৪ দিনৰ বাবে মজুত আছে কয়লা।৭০ শতাংশ বিদ্যুত উৎপাদন প্ৰকল্পত ব্যৱহাৰ কৰা হয় কয়লা। কিন্তু এই প্ৰকল্পসমূহত পৰ্যাপ্ত পৰিমাণৰ নাই কয়লা।১৩৫ থাৰ্মেল পাৱাৰ প্লাণ্টৰ ৭২ টাত ৩ দিনৰ বাবে কয়লা মজুত আছে, ৫০টা পাৱাৰ প্লাণ্টত ৪-৫ দিনৰ বাবে আৰু ১৩টা পাৱাৰ প্লাণ্টত ১০ দিনৰ বাবে মজুত আছে কয়লা ।সেয়েহে কয়লা উৎপাদন হ্ৰাস হোৱাৰ বাবেই সৃষ্টি হৈছে সমস্যাৰ।