শ্ৰীলংকাত আবদ্ধ নাগৰিকক স্বদেশলৈ ঘূৰাই অনাৰ চেষ্টা ভাৰতৰ

Share

ঘূৰ্ণীবতাহৰ ফলত প্ৰচুৰ ধুমুহা আৰু বৰষুণৰ কবলত পৰি ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যাৰ ফলস্বৰূপে সমগ্ৰ দ্বীপ ৰাষ্ট্ৰখনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ।আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে সমগ্ৰ দ্বীপ ৰাষ্ট্ৰখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় ।

স্থানীয় সময় অনুসৰি শনিবাৰে সন্ধিয়া ৭ বজাত কলম্বোৰ দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰই প্ৰকাশ কৰা মতে বৃহস্পতিবাৰৰ পৰা ১৯১ গৰাকী লোক নিৰুদ্দেশ হোৱাৰ উপৰি মৃত্যুৰ সংখ্যা 200 লৈ বৃদ্ধি পাইছে  লগতে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ।বান আৰু ভূমিস্খলনৰ ফলত যোগাযোগ ব্যৱস্থাও ব্যাহত হৈছে লগতে আনকি বিমান সেৱাও বাতিল কৰিবলগীয়া হৈছে । তথ্য অনুসৰি প্ৰায় ৭৮ হাজাৰ লোক গৃহহীন হৈ অস্থায়ী শিবিৰত আশ্ৰয় লৈ আছে ।বিদ্যালয় আৰু কাৰ্যালয় বন্ধ কৰাৰ লগতে বিভিন্ন পৰীক্ষাসমূহ স্থগিত ৰখা হৈছে ।

শনিবাৰে সামাজিক মাধ্যমত প্ৰকাশ পোৱা পোষ্টত অনুসৰি নিশাৰ ভিতৰতে খহনীয়াৰ কবলত পৰা কেইবাটাও অঞ্চলৰ সৈতে কৰ্তৃপক্ষই এতিয়াও যোগাযোগ কৰিব পৰা নাই ।জানিব পৰা গৈছে যে ঘূৰ্ণীবতাহৰ ফলত বিগত সপ্তাহৰ পৰা শ্ৰীলংকাত বতৰৰ অৱনতি ঘটে । বৃহস্পতিবাৰে পৰিস্থিতি অধিক বেয়া হৈ পৰিছিল , প্ৰায়বোৰ জলাশয় আৰু নদী ওফন্দি উঠাৰ ফলত মূল বাট-পথসমূহ বন্ধ হৈ পৰে আৰু বহু গুৰুত্বপূৰ্ণ পথৰ লগতে ৰে’লসেৱাও বন্ধ হৈ পৰে ।শুকুৰবাৰৰ ভিতৰত বিভিন্ন অঞ্চলৰ পৰা নামি অহা পানীয়ে ৰাজধানী কলম্বোৰ আশে-পাশে থকা অঞ্চলসমূহ প্লাৱিত কৰিবলৈ আৰম্ভ কৰে । কৰ্তৃপক্ষই জনোৱা মতে শ্ৰীলংকাৰ পূব সাগৰত উৎপত্তি হোৱা ঘূৰ্ণীবতাহে দেওবাৰৰ ভিতৰত ভাৰতৰ দক্ষিণ উপকূলৰ দিশে গতি কৰাৰ সম্ভাৱনা আছে ।

শ্ৰীলংকাৰ এই দুৰ্যোগৰ সময়ত চুবুৰীয়া ভাৰতেও বিভিন্ন ধৰণে দেশখনক সহায় কৰিছে । উদ্ধাৰ অভিযানত সহায় হোৱাকৈ ভাৰতে ৮০ গৰাকী সদস্যৰ দুটাকৈ অনুসন্ধান আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে ।উচ্চায়ুক্তই  শ্ৰীলংকাত আবদ্ধ হৈ থকা সকলো ভাৰতীয় যাত্ৰীয়ে তেওঁলোকৰ সবিশেষ পঞ্জীয়ন কৰিবলৈও এটা সুকীয়া পোষ্টত এটা লিংক প্ৰদান কৰে |বিমানবন্দৰ বা শ্ৰীলংকাৰ যিকোনো অংশত সহায়ৰ প্ৰয়োজন হোৱা যিকোনো ভাৰতীয় নাগৰিকে হোৱাটছএপৰ জৰিয়তেও জৰুৰীকালীন নং +৯৪ ৭৭৩৭২৭৮৩২ নম্বৰত যোগাযোগ কৰিব পাৰে। দুৰ্যোগত বিধ্বস্ত দেশখনলৈ ভাৰতে সাহায্য সামগ্ৰীও প্ৰেৰণ কৰিছে । শনিবাৰে ভাৰতে ৬ টনতকৈ অধিক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰে আৰু ইয়াৰ এদিন পিছেত অপাৰেশ্যন সাগৰ বন্ধুৰ অধীনত দুখন সামৰিক বিমানেৰে প্ৰায় ২১ টন সাহায্য সামগ্ৰীও প্ৰেৰণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *