নিউজ ডেস্ক,৯ আগষ্টঃ অন্ত পৰিলে বাৰ্মিংহামত অনুস্থিত হোৱা এই বৰ্ষৰ কমনৱেলথ গেমছৰ। কমনৱেলথ গেমছত এইবাৰ ভাৰতে অতি সুন্দৰভাৱে প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়। উল্লেখ্য যে, ভাৰতে ২২ টা সোণৰ পদক, ১৬ টা ৰূপৰ পদক, ব্ৰঞ্জৰ ২৩ টা পদকৰে সৰ্বমুঠ ৬১ টা পদক জয় কৰিবলৈ সক্ষম হয়। ভাৰতে ভাৰোত্তোলনত লাভ কৰে ১০ টা পদক, বেডমিণ্টনত তিনিটা সোণৰ পদক, বক্সিঙত লাভ কৰে ৭ টা পদক আৰু মল্লযুদ্ধত লাভ কৰে ১২ টা পদক ।
আনহাতে, গেমছৰ অন্তিম দিনত ভাৰতৰ হৈ অন্তিমটো পদক জয় কৰে পুৰুষ হকী দলে। ভাৰতৰ হৈ অন্তিমটো সোণৰ পদক জয় কৰে শৰৎ কমলে। তেওঁ টেবুল টেনিছত এই পদক জয় কৰে। এনেদৰে ভাৰতে এই বৰ্ষৰ কমনৱেলথ গেমছত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয়।