গাজাক ভয়ংকৰ ভাবে আক্ৰমণ কৰিছে ইজৰাইলে। আৰু সেই আক্ৰমণ বন্ধ হ’ব লাগে বুলি বৈদশীক মন্ত্ৰী এছ জয় শংকৰে মন্তব্য প্ৰকাশ কৰিছে। যিহেতু ৬ খন শক্তিশালী ৰাষ্ট্ৰৰ সৈতে বৈঠকত মিলিত হৈছিল এছ জয় শংকৰ। আৰু ভাৰতৰ সৈতে বৈঠক অনুস্থিত কৰা হৈছিল। এই বৈঠকত কেইবাটাও গুৰুত্বপূণ সিদ্ধান্ত গ্ৰহন কৰা হৈছে লগতে, এই বিষয়েও মন্তব্য কৰা হৈছে যে গাজাত যি দৰে ইজৰাইলে ভয়ংকৰ ভাবে আক্ৰমণ কৰিছে।সেই আক্ৰমণ অতি সোনকালে বন্ধ হ’ব লাগে। কাৰণ গাজাৰ যি পৰিস্থিতি সেই পৰিস্থিতি অধিক ভয়ংকৰ হোৱা পৰিলক্ষিত হৈছে। কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে। বহুতো লোকে আপোন মানুহক হেৰুৱাব লগা হৈছে। তাৰ পিছতে এতিয়া জয় শংকৰে মন্তব্য কৰিছে যে, গাজাত চলোৱা আক্ৰমণ বন্ধ কৰিব লাগে ইজৰাইলে। তেনে স্থলত লক্ষণীয় হ’ব ভাৰতৰ এই দাবী ওপৰত ইজৰাইলে কি মন্তব্য প্ৰকাশ কৰে।