মহিলা এদিনীয়া বিশ্বকাপ খেলত ভাৰতে পৰাস্ত কৰে পাকিস্তানক

Share

এইবাৰ মহিলা এদিনীয়া বিশ্বকাপ খেলত ভাৰতে পৰাস্ত কৰে পাকিস্তানক। শ্ৰীলংকাত অনুষ্ঠিত হোৱা খেলত ভাৰতে পাকিস্তানক প্ৰথমৰ পৰাই চাপ দিবলৈ সক্ষম হয়। ভাৰতৰ দুৰ্দান্ত বেটিং প্ৰদৰ্শনত ৮৮ ৰানত পৰাস্ত হয় পাকিস্তান। পাকিস্তান দলৰ অধিনায়ক ফাতিমা চানাই টচত জয়ী হৈ ফিলদি়ঙৰ প্ৰতি অগ্ৰসৰ হয়। অপেনাৰ হিচাপে ভাৰতীয় দলৰ স্মৃতি মান্ধনা আৰু প্ৰতীকা ৰাৱালে প্ৰথমে বেটিং আৰম্ভ কৰে। স্মৃতিয়ে ২৩ ৰানত এল বি ডব্লিউ আৰু প্ৰতীকা ৩১ ৰানত আউট হয়। ইয়াৰ পিছতে তিনি নম্বৰত বেটিঙত নামে হাৰ্লিন দেউল। লেগ ষ্টাম্পত ১৯ ৰান সংগ্ৰহ কৰি আউট হয় অধিনায়ক হৰমনপ্ৰীত কৌৰ। জেমাইমা ৰড্ৰিগেছে প্ৰাণ পাই দীপ্তী শৰ্মাৰ লগত যোগ দিয়ে। দীপ্তিয়ে ২৫ ৰান, স্নেহায়ে ২০ ৰান সংগ্ৰহ কৰে।

অষ্টম স্থানত অহা ৰিচা ঘোষে ২০টা বলত ৩৫ ৰান সংগ্ৰহ কৰে। তেওঁৰ ধুমুহাময় ইনিংছত ভাৰতৰ মুঠ ইনিংছ ২৪৭লৈ বৃদ্ধি পায়। পাকিস্তানে বেটিং কৰিবলৈ ওলাই আহি আৰম্ভণিৰে পৰাই হেঁচাত পৰিছিল। প্ৰথম ১০ অভাৰত মাত্ৰ ২৫ ৰানহে কৰে। ছিদ্ৰা আমিনে ৮১ ৰান সংগ্ৰহ কৰিছিল যদিও শেষত পাকিস্তানৰ বাবে তেওঁৰ ইনিংছৰ কোনো লাভ নাছিল। ভাৰতীয় পেচাৰ ক্ৰান্তি গৌৰ আৰু ৰেনুকা সিং ঠাকুৰে পাকিস্তানী বেটছমেনৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। অৱশেষত ৪৩ অভাৰত ১৫৯ ৰান সংগ্ৰহ কৰি পাকিস্তান অল আউট হয়। ক্ৰান্তিয়ে ৩টা, দীপ্তিয়ে ৩টা আৰু স্নেহাই ২টা উইকেট দখল কৰে।    

Leave a Reply

Your email address will not be published. Required fields are marked *